/asomiyapratidin/media/media_files/2025/10/01/dssdsdsd-2025-10-01-19-03-16.jpg)
ডিজিটেস সংবাদ, ওৰাংঃ বৃহত্তৰ ৰৌতা সন্মিলিত সমাজৰ উদ্যোগত বুধবাৰে অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। আদ্যশ্ৰাদ্ধ উপলক্ষে ৰাজহুৱা অনুষ্ঠানত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে শতাধিক ৰাইজে অংশগ্ৰহণ কৰি প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্বধর্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। মুঠ ২২টা সৰ্বধর্মীয় প্ৰাৰ্থনা দলে আদ্যশ্ৰাদ্ধত অংশগ্ৰহণ কৰে। প্ৰতিটো প্ৰাৰ্থনা দলক একোটাকৈ নাহৰ গছৰ পুলি প্ৰদান কৰা হয়। প্ৰাৰ্থনা স্থলী ভাগৱত পাঠ, গীতা পাঠ, কোৰান পাঠ আদি ধ্বনিত মুখৰিত হৈ পৰে। প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ বাবে সকলো ধৰ্মৰ মানুহে একত্ৰিত হৈ আন্তৰিক প্ৰাৰ্থনা জনায়।
ইফালে, জুবিন গাৰ্গ বিহীন আজি ১৩ দিন পূৰ্ণ হ’ল। শিল্পীগৰাকীৰ অনুপস্থিতিত ৰাজ্যবাসী আজিও শোকত ম্ৰিয়মান হৈ আছে। ওদালগুৰিৰ ৰৌতাবাসীয়ে আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাই জুবিনৰ ৰহস্যজনক মৃত্যুৰ সত্য উদ্ঘাটনৰ বাবে দাবী উত্থাপন কৰে। ৰাইজ দাবী, দোষীক শীঘ্ৰ শাস্তি প্ৰদান কৰি প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় নিশ্চয়তা কৰিব লাগে।