'গব্বৰ সিং টেক্স' ৰূপান্তৰ হ’ল 'গ্ৰেট ছেভিংছ টেক্স'লৈ: অন্ন, বস্ত্ৰ, বাসস্থান সকলোতে সকাহ...

এসময়ত 'গব্বৰ সিং টেক্স' হিচাপে অভিহিত জি এছ টি এতিয়া সাধাৰণ মানুহৰ বাবে 'গ্ৰেট ছেভিংছ টেক্স' হিচাপে পৰিগণিত হৈছে। অন্ন, বস্ত্ৰ, বাসস্থান সকলোতে দিব সকাহ।

author-image
Asomiya Pratidin
New Update
গব্বৰ সিং টেক্স ৰূপান্তৰ হ’ল গ্ৰেট ছেভিংছ টেক্সলৈ: অন্ন, বস্ত্ৰ, বাসস্থান সকলোতে সকাহ...

ডিজিটেল ডেস্কঃ এসময়ত 'গব্বৰ সিং টেক্স' হিচাপে অভিহিত জি এছ টি এতিয়া সাধাৰণ মানুহৰ বাবে 'গ্ৰেট ছেভিংছ টেক্স' হিচাপে পৰিগণিত হৈছে। দেশৰ ৫৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত ১২ আৰু ২৮ শতাংশ জি এছ টি শ্লেব আঁতৰাই কেৱল ৫ আৰু ১৮ শতাংশ হাৰত দুটা শ্লেবহে ৰখোৱা হৈছে। জি এছ টিৰ এই নতুন ব্যৱস্থা অহা ২২ ছেপ্তম্বৰৰ পৰা কাৰ্যকৰী হ’ব।  

খাদ্য, বস্ত্ৰ, বাসস্থান- সকলোতে জি এছ টি ২.০-এ দিব সকাহ

দৈনন্দিন প্ৰয়োজনীয়া খাদ্য সামগ্ৰী যেনে গাখীৰ, পনীৰ, আটাকে ধৰি বিভিন্ন খাদ্য কৰমুক্ত হিচাপে ঘোষণা কৰা হৈছে। আনহাতে ঘিউ, বিস্কুট, চকলেট, চুপ, আইচক্ৰীম আদিৰ দৰে খাদ্য সামগ্ৰীতো জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। 

সেয়ে এই সন্দৰ্ভত কে পি এম জীৰ ভাৰতৰ পাৰ্টনাৰ অভিষেক জৈনে কয় যে, “পেকেজড খাদ্য সামগ্ৰী আৰু ব্যক্তিগত যত্ন সামগ্ৰীৰ ওপৰত কৰ হ্ৰাসে মধ্যবিত্ত পৰিয়ালৰ ব্যয় হ্ৰাস কৰিব। উদাহৰণস্বৰূপে, বিস্কুটৰ দৰে সামগ্ৰীৰ মূল্যত জি এছ টি ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাত  এতিয়াৰে পৰা ১০০ টকাৰ খৰচত প্ৰায় ১১ টকা সঞ্চয় হব।”

কাপোৰ আৰু বাসস্থান নিৰ্মাণ সামগ্ৰীতো হ্ৰাস পালে জি এছ টি

নতুন জি এছ টি নীতি অনুসৰি ২,৫০০ টকা পৰ্যন্ত কাপোৰত এতিয়া ১২ শতাংশৰ পৰিৱৰ্তে ৫ শতাংশহে জি এছ টি প্ৰযোজ্য হ’ব। উৎসৱৰ সময়তে কাপোৰৰ ওপৰত থকা জি এছ টিৰ এই হ্ৰাসে মধ্যবিত্তক যথেষ্ট সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। 
অৱশ্যে ২,৫০০ টকাৰ ওপৰৰ কাপোৰত ১৮ শতাংশ জি এছ টিয়েই প্ৰযোজ্য হ’ব। এই ব্যৱস্থাক উদ্যোগীসকলে উইণ্টাৰ ৱেয়াৰৰ বাবে ক্ষতিকৰ বুলি আখ্যা দিছে।

নতুন গৃহ নিৰ্মাণৰ ক্ষেত্ৰত চিমেণ্ট আৰু ৰঙৰ ওপৰত জি এছ টি ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। কেপিএমজীৰ জৈনে এই সন্দৰ্ভত কয়, “এই সিদ্ধান্তই গৃহ নিৰ্মাণ, ক্ৰয়ৰ ক্ষেত্ৰত বিশেষকৈ টিয়াৰ-২ আৰু টিয়াৰ-৩ চহৰসমূহক লাভাম্বিত কৰিব।”


মধ্যবিত্তৰ জয় মানেই অৰ্থনীতিৰ জয়

অক্সফৰ্ড ইকনমিকছৰ মতে, ২০২৪ ত ভাৰতত আছে ৩৫.৪ কোটি মধ্যবিত্ত পৰিয়াল। এই সংখ্যা ২০৩৪ লৈকে দ্বুগুণ হৈ ৬৮.৭ কোটিত উপনীত হ’ব। ভাৰতত বৰ্তমান মুঠ জনসংখ্যাৰ ৩১ শতাংশই মধ্যবিত্ত। ২০৪৭লৈকে এই সংখ্যা ৬০ শতাংশলৈ বৃদ্ধি পাব। অৰ্থাৎ তেতিয়ালৈকে ভাৰতৰ মধ্যবিত্ত ১ বিলিয়নৰো অধিক হ’বগৈ।

প্ৰাইচৰ এক গৱেষণাত উল্লেখ কৰা অনুসৰি, “আয়ৰ বৃদ্ধিয়ে ভাৰতক মধ্যবিত্ত চালিত অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিব। ২০২১ৰ ২.২ ট্রিলিয়ন ডলাৰৰ অৰ্থনীতি ২০৩১ত ৭.১ ট্রিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ বৃদ্ধি পাব।”

২০২৫ৰ বাজেটত আয়কৰ হ্ৰাস, ৰিজাৰ্ভ বেংকৰ ১০০ বেছিছ পইণ্ট বেয়া হাৰ হ্ৰাস আৰু এতিয়াৰ জি এছ টি পুনৰ গঠনে জনসাধাৰণৰ পকেটত সৰলভাৱে প্ৰভাৱ পেলাইছে। ইতিমধ্যে, জুলাই ২০২৫ত মুদ্ৰাস্ফীতি ১.৫৫ শতাংশলৈ হ্ৰাস পাইছে,  খাদ্য মূল্যতো মাইনাছ ১.৭৬ শতাংশলৈ হ্ৰাস পাইছে। আনহাতে জিডিপি বৃদ্ধি ৭.৮ শতাংশ হৈ চৰকাৰৰ বাবে এক উৎসাহজনক পৰিসংখ্যা প্ৰদান কৰিছে।

জি এছ টি জি এছ টি পৰিষদ