/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/ropeway-dhhdhhdhdhdh-madhyapradesh-newssushant-sight-rajput-face-for-web-AP-full-no-ad-copy.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পাছতে এইবাৰ ৰাজ্যত অন্য এটা ৰোপ ৱেৰ কাম অচিৰেই আৰম্ভ হব। দেওবাৰে বিশ্বনাথত এই ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশ্বনাথ ঘাটৰ পৰা উমাটুমনিলৈ এই ৰোপ ৱেৰ কাম আৰম্ভ হব বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে চলিত বৰ্ষৰ নবেম্বৰৰ শেষৰ ফালে বিশ্বনাথৰ মেডিকেল কলেজৰ কামৰো শুভাৰম্ভ কৰা হব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ।
দেওবাৰে বিশ্বনাথৰ সাকোমঠা চাহ বাগিচা আৰু প্ৰতাপগড় চাহ বাগিচাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একে দিনাই দুখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি এই ঘোষণা কৰে।