সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক ‘ৰংপুৰ গৌৰৱ বঁটা ২০২৫’ প্ৰদান

স্বেচ্চাসেৱী অনুষ্ঠান ‘খোজ‘ৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ। ১১ দিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ অৰুণোদয় পথৰ ব’ৰ্ডিং খেলপথাৰৰ সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই গ্ৰন্থ উৎসৱ। 

author-image
Asomiya Pratidin
New Update
new ap web sir

ডিজিটেল ডেস্ক : স্বেচ্চাসেৱী অনুষ্ঠান ‘খোজ‘ৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ। ১১ দিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ অৰুণোদয় পথৰ ব’ৰ্ডিং খেলপথাৰৰ সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই গ্ৰন্থ উৎসৱ।

পুৱা গ্ৰন্থ উৎসৱৰ পতাকা উত্তোলন কৰে "খোজ"ৰ সভাপতি ৰোহিনী গগৈয়ে। বিয়লি গ্ৰন্থ উৎসৱৰ দ্বাৰ উদ্ঘাটন কৰে বিশিষ্ট শিক্ষাবিদ বুদ্ধিন মিশ্ৰই। ইয়াৰ পাছতে ৰাগ-ৰাগিনী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে। তাৰ পাছতেই আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে, এই গ্ৰন্থ উৎসৱৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই। এই গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি আগবঢ়োৱা হৈছে ‘ৰংপুৰ গৌৰৱ বঁটা’। 

উল্লেখযোগ্য যে, সোমবাৰে ২০২৫ৰ বৰ্ষৰ বাবে ‘ৰংপুৰ গৌৰৱ বঁটা’ প্ৰদান কৰে সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক। অধ্যক্ষ বৰুৱালৈ আগবঢ়োৱা এই বঁটাটিত আছে এটি পিতলৰ জাঁপি, শৰাই, গামোছা, এটি স্মাৰক, আবাহনী পত্ৰ আদি। 

WhatsApp Image 2025-12-01 at 8.45.48 PM

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, সাদিন- প্ৰতিদিন গোষ্ঠীয়ে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবেই এই বঁটা প্ৰদান কৰাৰ কথা উল্লেখ কৰে আয়োজক সমিতিয়ে। জয়ন্ত বৰুৱাক অনুভৱৰ পথাৰ চহাই শব্দৰ খেতিৰে জাতীয় জীৱনক জীৱন উদযাপনৰ সমল দিয়া কাৰিকৰ বুলি উল্লেখ কৰে আবাহনী পত্ৰখনত। 

সংবাদ আৰু সাহিত্য জগতত সাদিন- প্ৰতিদিন গোষ্ঠীৰ অৱদান অনস্বীকাৰ্য। জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ হৈ প্ৰায় ৩দশক ধৰি অসমীয়া সংবাদ জগতলৈ সেৱা আগবঢ়াই ৰাইজৰ সেৱা কৰাৰ কথাও দোহাৰে আয়োজক সমিতিয়ে। 

WhatsApp Image 2025-12-01 at 8.45.48 PM (1)

ইফালে আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি বঁটাপ্ৰাপক তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই আনন্দ প্ৰকাশ কৰে। বৰুৱাই সাৱলীল ভাষণ প্ৰদান কৰি কয়- অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ গৰিমা অতীতৰ পৰাই শিৱসাগৰে অতি সম্বৃদ্ধ ৰূপত ধৰি ৰাখিছে। আৰু ইয়াৰ ব্যতিক্ৰম আজিও হোৱা নাই। এই বাবেই মই শিৱসাগৰীয়া সন্তান হিচাপে মই নিজকে গৌৰৱবোধ কৰো। 

তেওঁ আৰু কয়- এই শিৱসাগৰৰ পৰাই প্ৰথমখন অসমীয়া ব্যাকৰণ আৰু প্ৰথমখন অসমীয়া অভিধান প্ৰকাশ হৈ অসমীয়া ভাষাক এক গভীৰ সংকটৰ পৰা উদ্ধাৰ কৰা ব্যক্তি আমাৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ কৰ্মভূমি আছিল এই শিৱসাগৰ। হেমকোষৰ এই ১২৫ বছৰীয়া এই দিনটোত আজি মই শিৱসাগৰত উপস্থিত হৈ গৌৰৱ অনুভৱ কৰিছো।

আনহাতে অনুষ্ঠানৰ মঞ্চত তেওঁ হেমচন্দ্ৰ বৰুৱাক অসমে দিব লগা মান্যতা সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে। জয়ন্ত বৰুৱাই কয়- হেমচন্দ্ৰ বৰুৱাক যি হিচাপে মান্যতা দিব লাগিছিল, সেই মান্যতা অসমত পাইছে বুলি মোৰ মনে নধৰে। এই কথাটো অসমীয়া আৰু অসমীয়া জাতিৰ বাবে অতি দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ।

ইয়াৰোপৰি উক্ত অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীয়ে আয়োজক সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। যুটীয়া সম্পাদক আকাশ দুৱৰী আৰু দীপাংকৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানত "খোজ"ৰ সভাপতি ৰোহিনী গগৈ, উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত, শিক্ষাবিদ ড০ প্ৰকাশ কটকী, বুদ্ধিন মিশ্ৰকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, কাৰ্যকৰী সভাপতি লীলা গগৈ, ভৈৰৱ মুণ্ডাকে ধৰি উদ্যোক্তাসকলৰ লগতে শিৱসাগৰীয়া ৰাইজ উপস্থিত থাকে। গ্ৰন্থ উৎসৱৰ কেউটা দিনৰ কাৰ্যসূচীত ৰাইজৰ আন্তৰিক উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।

জয়ন্ত বৰুৱা