কংগ্ৰেছ কৰ্মী ৰংমনৰ বিপদৰ সময়ত হাত এৰা দিলে গৌৰৱে! সহায় কৰিলে মুখ্যমন্ত্ৰীয়ে...

প্ৰায়েই অভিযোগ উত্থাপিত হয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সহাঁৰি নিদিয়ে ফোনকল নাইবা মেছেজৰ।খোদ বিৰোধী দলপতিয়েও কিছুদিনৰ পূৰ্বে আওপকীয়াই ৰাজহুৱাভাৱে

author-image
Asomiya Pratidin
New Update
jjdjdjd

ডিজিটেল ডেস্কঃ প্ৰায়েই অভিযোগ উত্থাপিত হয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সহাঁৰি নিদিয়ে ফোনকল নাইবা মেছেজৰ।খোদ বিৰোধী দলপতিয়েও কিছুদিনৰ পূৰ্বে আওপকীয়াই ৰাজহুৱাভাৱে এই আক্ষেপ প্ৰকাশ কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এনে কাৰ্যৰ যেন পুণৰাবৃত্তি হ'ল। 

সৰুপথাৰৰ একনিষ্ঠ কংগ্ৰেছ কৰ্মী ৰংমন মিছং বিগত ২০২২ চনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছে । ৰংমন মিছং অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) সামাজিক মাধ্যম আৰু আইটি চেলৰ সৈতে জড়িত আছিল।

ৰোগৰ সময়ত তেওঁ চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে  বহুবাৰ সাংসদ গৌৰৱ গগৈক সহায় বিচাৰিছিল, যদিও কংগ্ৰেছৰ সাংসদ গৰাকীৰ পৰা কোনো সহায় লাভ নকৰাত হতাশ হৈ পৰিছিল।  শেহতীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখলৈ আহি আক্ষেপ প্ৰকাশ কৰিছে এইগৰাকী কংগ্ৰেছ কৰ্মীয়ে। 

তেওঁ আক্ষেপেৰে কয় যে,  মোৰ অনুৰোধৰ কোনো সমৰ্থন নাই। মই এজন কষ্ট কৰা কংগ্ৰেছ কৰ্মী আছিলোঁ। মই গৌৰৱ গগৈক চিকিৎসাৰ বাবে এক লাখ টকা খুজিছিলোঁ। যদি মই এপিচিচিৰ সভাপতিক নোসোধোঁ, তেন্তে কাক সুধিম?

শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ কৰ্মীগৰাকীৰ চিকিতসা বিনামূলীয়া কৰাৰ ব্যৱস্থা কৰিছে বুলিও সদৰি কৰে তেওঁ। ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৰংমন মিছঙে। উল্লেখ কৰা প্ৰয়োজন যে, বিপদৰ সময়ত গৌৰৱ গগৈক হোৱাটছ এপ যোগে এক দীঘলীয়া মেছেজ লিখি সহায় বিচাৰিছিল তেওঁ।কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কোনো সহাঁৰি প্ৰদান কৰা নাছিল। 

ড হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা