দ্ৰুতবেগী বাইকৰ খুন্দাত ৰঙিয়াত প্ৰাণ গ'ল এজনৰ...

দ্ৰুতবেগী বাইকৰ খুন্দাত ৰঙিয়াত প্ৰাণ গ'ল এজনৰ...

author-image
Asomiya Pratidin
New Update
দ্ৰুতবেগী বাইকৰ খুন্দাত ৰঙিয়াত প্ৰাণ গ'ল এজনৰ...

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াৰ গুৰকুছিত উদণ্ড চালকৰ তাণ্ডৱ। দ্ৰুতবেগী বাইক আৰোহীয়ে মহতিয়ালে পথচাৰীক। দুৰ্ঘটনাত নিহত হয় এগৰাকী ৬৫ বছৰীয়া লোক। দুৰ্ঘটনা সংঘটিত কৰিয়ে উদণ্ড বাইক আৰোহীয়ে ৰাইজক ভয় ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে নিশা ৰঙিয়াৰ সমীপৰ গুৰকুছি চকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

দ্ৰুতবেগী বাইকে এগৰাকী পথচাৰীক পিছফালৰ পৰা খুন্দিয়াই মহতিয়াই নিয়ে। লগে লগে দুৰ্ঘটনাস্থলীত একাংশ লোক উপস্থিত হয়। কিন্তু স্থানীয় লোকসকলক ভাবুকি প্ৰদান কৰে উদণ্ড বাইক আৰোহীজনে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত পথচাৰীগৰাকীক আৰু উদণ্ড বাইক চালক জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আধা বাটতে মৃত্যুক সাৱতি লয় পথচাৰী হৰকান্ত শালৈয়ে।

এই উদণ্ড বাইক আৰোহীৰ ভুলৰ বাবে এনেদৰে প্ৰাণ গ'ল নিৰ্দোষী পথচাৰীগৰাকীৰ। উল্লেখ্য যে, ৰঙিয়াত নিত্য সংঘটিত পথ দুৰ্ঘটনাই বহু জনৰ প্ৰাণ অকালতে কাঢ়ি নিছে। বহুজন আকৌ চিৰকাললৈ ঘুণীয়া হৈছে।তৎস্বত্বেও এই সকল উদণ্ড চালকক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন। অনাগত দিনত এই ক্ষেত্ৰত প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

Also Read: জীৱনৰ ওপৰতো কৰ...

Rongiya