ৰঙিয়া মহাবিদ্যালয়ৰ হীৰক জয়ন্তীঃ তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য় আয়োজন

কামৰূপ জিলাৰ ঐতিহাসিক শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ত আজিৰে পৰা হীৰক জয়ন্তী মহোৎসৱ অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
TYDTFHGJH

ডিজিটেল সংবাদ, ৰঙিয়াঃ কামৰূপ জিলাৰ ঐতিহাসিক শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ত আজিৰে পৰা হীৰক জয়ন্তী মহোৎসৱ অনুষ্ঠিত হয়। মহোৎসৱ উপলক্ষে বাৰেৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ শিক্ষাৰ্থী, অধ্যাপক-অধ্যাপিকা সকলে অংশগ্ৰহণ কৰা অসমীয়া কৃষ্টি-সংস্কৃতিকে ধৰি বিভিন্ন অসমীয়া পৰম্পৰাগত ৰীতি-নীতি তথা বৌদিক-আধ্যাত্মিক ইত্যাদি বিষয়বস্তু পৰিদৰ্শন কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে নাট্যকাৰ হিমাংশু প্ৰসাদ দাসে মুকলি কৰা শোভাযাত্ৰাটি ৰঙিয়া বাৰ্মিজ ফিল্ডৰ পৰা চহৰখনৰ মাজমজিয়াতে গৈ ছ'ছাইটি চক হৈ মহাবিদ্যালয়ৰ চৌহদত সমাপ্ত হয়। ইফালে আজিৰ এই শোভাযাত্ৰাত সংগ দিয়ে সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

WhatsApp Image 2026-01-27 at 7.01.48 PM (1)

আনহাতে, মহোৎসৱৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ নতুন পিজি ব্লিডিং চৌহদত পুৱা ৯:৩০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক ড° ব্ৰজেন্দ্ৰ শইকীয়াই। তাৰপিছতেই স্মৃতি তৰ্পণ আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ নাম পঞ্জীয়ন কৰা হয়।

ইয়াৰ পিছতেই হীৰক জয়ন্তী মহোৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ভবেন্দ্ৰ নাথ ডেকা, বিধায়ক তথা কাৰ্যকৰী সভাপতি ভৱেশ কলিতাকে ধৰি অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াৰ উপৰি প্ৰাক্তন শিক্ষাৰ্থী তথা অধ্যাপক- অধ্যাপিকা সকলে। এই মহোৎসৱৰ লগত সংগতি ৰাখি এখনি সুন্দৰ গঠনমূলক প্ৰদৰ্শনী-বিপনী মেলা মুকলি হয়। আনহাতে, নিশা শংকৰী সংস্কৃতিৰ পৰিবেশিত ভাওনা -সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

WhatsApp Image 2026-01-27 at 7.01.48 PM

ইফালে, দ্বিতীয় দিনা মহোৎসৱৰ পুৱা প্ৰাক্তন শিক্ষাৰ্থী সকলৰ নাম পঞ্জীয়ন আৰু দিনৰ ২ বজাত স্মৃতি গ্ৰন্থ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুকে ধৰি উচ্চ শিক্ষা সঞ্চালিকা পমী বৰুৱাকে ধৰি প্ৰসিদ্ধ জীৱ বিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকিব।

তৃতীয় দিনা মহোৎসৱৰ অন্যতম কাৰ্যসূচী প্ৰীতি ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হ'ব। এই প্ৰীতি ছাত্ৰ ছাত্ৰী সমাৰোহত মুখ্য অতিথি হিচাপে সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামী উপস্থিত থাকিব। এই কাৰ্যসূচীৰ পিছতে ৰাষ্ট্ৰীয় শিক্ষানীতি বিষয় লৈ এক প্ৰাসংগিক আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। উক্ত আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক, গল্পকাৰ মনোজ কুমাৰ গোস্বামী উপস্থিত থকাৰ লগতে কেইবাগৰাকীও ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অংশ ল'ব। নিশা জনপ্ৰিয় শিল্পীৰ সংগীতৰ সুৰেৰে হীৰক জয়ন্তী মহোৎসৱৰ সামৰণি পৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।

ৰঙিয়া ৰঙিয়া মহাবিদ্যালয়