ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক

ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ বন্যহস্তীয়ে দীৰ্ঘদিন ধৰি ঘৰ দুৱাৰ ভাঙি ক্ষতিসাধন কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
FDSFEE

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ বন্যহস্তীয়ে দীৰ্ঘদিন ধৰি ঘৰ দুৱাৰ ভাঙি ক্ষতিসাধন কৰি আহিছে। দেওবাৰে বন্যহস্তীৰ আক্ৰমনত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুত্বভাৱে আহত হয় ৷ ৰঙাপৰাৰ ২ নং  কলাবিলত সংঘটিত হয় এই ঘটনা৷

বন্যহস্তী আক্ৰমনত নিহত হোৱা লোকজন হৈছে ২ নং কলাবিলৰ চুজিত পুৰ্তি। লগতে আহত হয় তেওঁৰ ভাতৃ বুধুৰাম পুৰ্তি ৷ সন্ধিয়া সময়ত তাৰাজুলি চাহ বাগিচাৰ পৰা মটৰচাইকেলেৰে নিজ বাসগৃহ কলাবিললৈ গৈ থকা সময়ত হঠাৎ এটা বন্যহস্তীয়ে আক্ৰমণ কৰাত সংঘটিত হয় এই ঘটনা ৷

আনহাতে, বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে ভাইয়েক বুধৰাম পুৰ্তি ৷ হাতীয়ে আক্ৰমণ কৰাৰ সময়ত পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে বুধৰামে ৷ ইফালে, নিশা বন বিভাগৰ লোক কলাবিলত উপস্থিত হৈ হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয় ৷ 

উল্লেখ্য যে, প্ৰতিবছৰে বন্যহস্তীৰ আক্ৰমণত এনেদৰেই বহু লোক নিহত হৈ অহাৰ পাছতো বন বিভাগে কোনো পদক্ষেপ নোলোৱাৰ গুৰুত্বৰ অভিযোগ উথাপন কৰিছে স্থানীয় ৰাইজে ৷ শীঘ্ৰে হাতী মানুহৰ সংঘাত অন্ত পেলাবলৈ দাবী উত্থাপন কৰিছে ৰাইজে। 

বন্যহস্তীৰ তাণ্ডৱ বন্যহস্তীৰ আক্ৰমণ বন্যহস্তী