এৰি দিলে আমেৰিকাৰ চাকৰি! ৰাজনীতি কৰিবলৈ অসমলৈ আহিল ৰমেন ডেকাৰ কন্যা...

আমেৰিকাৰ চাকৰি এৰি অসমত ৰাজনীতি কৰিবলৈ ঘূৰি আহিল চত্তীশগড়ৰ ৰাজ্যপাল  তথা জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাৰ কন্যা।  ২৬নৱেম্বৰ, ২০২৫ত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলত যোগদান কৰিলে আয়ুষ্মিতা ডেকাই। ৰাজ্যিক

author-image
Asomiya Pratidin
New Update
hjjjd

ডিজিটেল ডেস্কঃ আমেৰিকাৰ চাকৰি এৰি অসমত ৰাজনীতি কৰিবলৈ ঘূৰি আহিল চত্তীশগড়ৰ ৰাজ্যপাল  তথা জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাৰ কন্যা।  ২৬নৱেম্বৰ, ২০২৫ত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলত যোগদান কৰিলে আয়ুষ্মিতা ডেকাই। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰি মূলত সমাজ সেৱাৰ বাবেই ৰাজনীতিলৈ অহা বুলি তেওঁ সংবাদমাধ্যমক জনায়।

উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাৰ এটা বহুজাতিক কোম্পানীৰ এটা গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল ৰমেন ডেকাৰ কন্যা আয়ুষ্মিতা। কিছুদিনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰীকো কৰ্মৰ সংক্ৰান্তত সাক্ষাত কৰিছিল তেওঁ। এই সাক্ষাতৰ প্ৰায় দুটা মাহৰ পিছতে বিজেপিত যোগদান কৰে ৰমেন  ডেকাৰ কন্যাই।

সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাতকাৰত আয়ুষ্মিতাই কয় যে, সমাজৰ  বাবে কাম কৰাৰ বাবেই আমেৰিকাত তেওঁ চাকৰি এৰি আহিছো। মই ৰাজনীতিত যোগদান কৰাক লৈ অন্য কোনো কাৰণ নাই। মোৰ প্ৰধান লক্ষ্য অসমৰ ৰাইজৰ বাবে কিবা এটা কৰাৰ। এই ক্ষেত্ৰত মই আগন্তুক সময়ত মনোনিৱেশ কৰিম।

উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিৰ যুৱ মৰ্চাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই যোগদান সভাত বহুকেইগৰাকী যুৱক-যুৱতীয়ে বিজেপিত যোগদান কৰে। দিলীপ শইকীয়াই সকলোকে দললৈ আদৰণি জনায় আৰু দলীয় কামত একান্তভাৱে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। 

গুৱাহাটী