/asomiyapratidin/media/media_files/2026/01/21/addadaadad-2026-01-21-14-57-15.jpg)
ডিজিটেল ডেস্কঃ বিগত প্ৰায় ৯ বছৰৰ পৰা মূকাভিনয়ৰ লগত জৰিত হৈ থকা ৰজী মুদৈক 'নৰ্থ-ইষ্ট জ'ন কালচাৰেল চেণ্টাৰে ' ২০২৫-২৬ৰ 'ইয়ং টেলেন্ত আৰ্টিষ্ট' বঁটা প্ৰদান কৰিছে। উদীয়মান মূকাভিনয় শিল্পী ৰুজী মুদৈয়ে মূকাভিনয়ৰ জগতত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
এই বঁটা প্ৰদান কৰে "শিল্পগ্ৰাম মহোৎসৱ ২০২৬"ৰ মুখ্য অতিথি তথা মণিপুৰ আৰু নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰীযুত অজয় কুমাৰ ভল্লাদেৱে । শিল্পগ্ৰামত আয়োজন কৰা এই বঁটা বিতৰণী সভাৰ অনুষ্ঠানত উপস্থিত থাকে NEZCC ৰ পৰিচালক ড° প্ৰসন্ন গগৈ তথা অৱসপ্ৰাপ্ত আই.এ.এছ বিষয়া স্বপ্ননীল বৰুৱা।
২০১৬ চনতেই মূকাভিনয় বিষয়ত 'ইয়ং টেলেন্ত আৰ্টিষ্ট' বঁটা লাভ কৰা প্ৰাক্তন বঁটা প্ৰাপক তথা অগ্ৰগামী সাংস্কৃতিক অনুষ্ঠান Third Theatreৰ প্ৰতিষ্ঠাপক বিজিত কুমাৰ দাসৰ তত্বাবধানত ২০২০-২১ বৰ্ষৰ "Under The Scheme of Award of Scholarship to Young Artists in different cultural fields" ৰ মূকাভিনয় বিষয়ত ৰাষ্ট্ৰীয় জলপানি পাবলৈও সক্ষম হৈছিল ৰুজী মুদৈয়ে।
মূকাভিনয় আৰু অভিনয়ৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁ। জাগীৰোড কলেজৰ অভিনয় বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰত নাটকৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰুজী মুদৈ বৰ্তমান All India Radio আকাশবাণীত ঘোষিকা হিচাপে কৰ্মৰত। উল্লেখ্য যে ৰুজী মুদৈ গুৱাহাটীৰ ফটাশিল আমবাৰী মানপাৰাৰ বাসিন্দা তথা স্বৰ্গীয় যাদৱ চন্দ্ৰ মুদৈ আৰু লক্ষী মুদৈৰ দ্বিতীয় কন্যা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us