/asomiyapratidin/media/media_files/2025/04/26/orUwHWJqgjgJkM3TkFWf.jpg)
৫১ হাজাৰৰো অধিকক নিযুক্তি পত্ৰ বিতৰণ
ডিজিটেল সংবাদ, গুৱাহাটী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানত সমবেত সকলক উদ্দেশ্যি তেখেতে কয় যে, “ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। এই দায়িত্ব হৈছে ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা।”
/asomiyapratidin/media/media_files/2025/04/26/YFOgWUFHxWBlqwiSu4Wc.jpeg)
“এখন ৰাষ্ট্ৰৰ প্ৰগতি আৰু সফলতা ইয়াৰ যুৱক-যুৱতীসকলৰ ওপৰত নিৰ্ভৰশীল, যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে অৰিহণা যোগোৱা মাত্ৰেকে দেশৰ উন্নয়ন ত্বৰান্বিত হয় আৰু বিশ্ব মঞ্চত স্বীকৃতি লাভ কৰে”, বুলিও সদৰি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে তেওঁ উল্লেখ কৰে, “এইবাৰ বাজেটত চৰকাৰে মেনুফেকচাৰিং মিছনৰ কথা ঘোষণা কৰিছে, ইয়াৰ লক্ষ্য হৈছে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক প্ৰচাৰ আৰু ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্ব মানৰ সামগ্ৰী সৃষ্টিৰ সুযোগ প্ৰদান কৰা। মেনুফেকচাৰিং মিছনে সমগ্ৰ দেশৰ লাখ-লাখ এমএছএমই আৰু ক্ষুদ্ৰ উদ্যোগীক সহায় কৰাই নহয়, বৰঞ্চ দেশজুৰি নতুন নিয়োগৰ সুযোগো প্ৰশস্ত কৰিব।”
/asomiyapratidin/media/media_files/2025/04/26/w9hwg3S507QZIOTmzAkL.jpeg)
ইফালে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে গুৱাহাটীৰ কৰ ভৱনত আয়োজিত ৰোজগাৰ মেলাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সৰ সৈতে ভাৰ্চুৱেলী সংযুক্ত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে আনুষ্ঠানিকভাৱে গুৱাহাটীত নৱনিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি-পত্ৰ বিতৰণ কৰে। উত্তৰ-পূবৰ ২০৯ গৰাকী যুৱক-যুৱতীক প্ৰদান কৰা হয় নিযুক্তি-পত্ৰ। ইয়াৰে ২৫ গৰাকীক নিযুক্তি-পত্ৰ প্ৰদান সৰ্বানন্দ সোণোৱালৰ।
/asomiyapratidin/media/media_files/2025/04/26/x1Tpsmcup7Ewh4kPxJA7.jpeg)
সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে, "যিসকল প্ৰাৰ্থীয়ে নিজস্ব মেধা আৰু প্ৰতিভাৰে ৰোজগাৰ মেলাৰ জৰিয়তে সংস্থাপন পাবলৈ সক্ষম হৈছে, মই তেওঁলোকক আৰু তেওঁলোকৰ অভিভাৱকসকলক বিশেষভাৱে অভিনন্দন জনাইছোঁ। সমগ্ৰ দেশতে যিসকল যুৱক-যুৱতীয়ে নিযুক্তি পত্ৰ লাভ কৰিলে, সেইসকলে এই কথা বিশেষভাৱে মনত ৰাখিব লাগিব। তেওঁলোকে সমৰ্পিত ভাৱনাৰে দেশৰ সেৱা কৰিব লাগিব। অহা পাঁচ বছৰৰ ভিতৰত আমি তৃতীয় স্থানলৈ উন্নীত হ'ব পাৰিম। বিকাশৰ এই তীব্ৰগতিক আৰু শক্তি প্ৰদান কৰিবলৈ আপোনালোক আজি আমাৰ লগত সন্মিলিত হৈছে। যুৱশক্তি মহাশক্তি। ৰাষ্ট্ৰক সৰ্বতোপ্ৰকাৰে শক্তিশালী কৰিবলৈ যুৱশক্তিক শক্তিশালী ভূমিকা পালন কৰিবলৈ আহ্বান জনালোঁ" বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।