ৰৈ ৰৈ বিনালে : এমাহত কিমান উপাৰ্জন...

৩১ অক্টোবৰত মুক্তি পাইছিল জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ দিনাৰ পৰাই ছবিখন চাবলৈ ছবিগৃহত ভিৰ কৰিছিল অগণন দৰ্শকে। আজি সম্পূৰ্ণ হ’ল ছবিখনৰ মুক্তি পোৱাৰ এমাহ।

author-image
Asomiya Pratidin
New Update
new ap web 5

ডিজিটেল ডেস্ক : ৩১ অক্টোবৰত মুক্তি পাইছিল জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ দিনাৰ পৰাই ছবিখন চাবলৈ ছবিগৃহত ভিৰ কৰিছিল অগণন দৰ্শকে। আজি সম্পূৰ্ণ হ’ল ছবিখনৰ মুক্তি পোৱাৰ এমাহ। যোৱা এটা মাহত ৰৈ ৰৈ বিনালে নামৰ জুবিনৰ অন্তিমখন ছবিয়ে অসমীয়া চিনেমাৰ সকলো অভিলেখ ভংগ কৰিলে। 

বক্স অফিচত ছুপাৰ- ডুপাৰ হিটৰূপে পৰিগণিত হৈছে এইখন ছবি। এটা মাহত ছবিখনে সংগ্ৰহ কৰা ধনৰ পৰিমাণ ৩২.৫০ কোটি টকা। ইয়াৰ পূৰ্বে কোনো অসমীয়া ছবিয়ে ইমান টকা উপাৰ্জন কৰাৰ উদাহৰণ নাই। গড় হিচাপত প্ৰতিদিনে ১কোটিতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ল জুবিনৰ অন্তিমখন ছবিয়ে। এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈ আছে এই ছবিখন।

জুবিন গাৰ্গ ৰৈ ৰৈ বিনালে