/asomiyapratidin/media/media_files/2025/11/18/257-2025-11-18-21-51-15.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন কথাছবি ৰৈ ৰৈ বিনালেৰ কিছু দৃশ্যগ্ৰহন হৈছিল বিশ্বনাথৰ লেহুগাঁৱৰ ১৫০ বছৰীয়া এজোপা বৰগছৰ তলত। ছবিখনত যি জোপা বৰগছ ৰাইজে দেখিছে সেই বৰগছজোপাৰ তলতেই আজি ৩ বছৰীয়া শিশুৰ পৰা ১০ বছৰীয়া শিশুৰ মুখত গুঞ্জৰিত হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 'মায়াবিনী'।
বৃহত্তৰ লেহুগাঁও আইমাতৃ সকলৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত উদযাপন কৰিলে জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন। বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা অনুষ্ঠানত আই সকলে এটি দিহানামো পৰিৱেশন কৰে।
উল্লেখ্য যে ছবিখনত ওলোৱা এই ১৫০ বছৰীয়া বৰগছজোপা এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আজিৰ এই গছজোপাৰ তলতেই জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে কণকণ শিশুসকলৰ লগতে গাঁওখনৰ কিশোৰীসকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us