/asomiyapratidin/media/media_files/2025/10/04/new-ap-web-1-25-2025-10-04-17-52-05.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ সপোনৰ প্ৰজেক্ট আছিল ‘ৰৈ ৰৈ বিনালে’। অসমৰ প্ৰথমখন ‘মিউজিকেল ফিল্ম’ হিচাপে নিৰ্মাণ কৰা 'ৰৈ ৰৈ বিনালে'ৰ শ্বুটিং সমাপ্ত কৰি পোষ্ট প্ৰডাকছনৰ কাম চলি থকাৰ সময়তে ১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ সাগৰত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাণৰ শিল্পীগৰাকীয়ে।
অহা ৩১ অক্টোবৰত মুক্তি দিয়াৰ লক্ষ্যৰে জুবিন গাৰ্গে চিনেমাখনৰ কাম আগবঢ়াই নিছিল যদিও শেষত নিজৰ ডাবিং সম্পূৰ্ণ নকৰাকৈয়ে তেওঁ ‘হত্যা’ৰ বলি হৈ ইহ সংসাৰৰ পৰা বিদায় মাগিলে। জুবিনৰ মৃত্যুৰ পাছতেই চৰ্চা চলিছিল কি হ’ব 'ৰৈ ৰৈ বিনালে' ছবিখনৰ ভৱিষ্যত?
ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে 'ৰৈ ৰৈ বিনালে' ছবিখনৰ বাবে যে জুবিনে সৰ্বোচ্চ উজাৰি দিছিল, দিনে-ৰাতিয়ে কেৱল 'ৰৈ ৰৈ বিনালে' ছবিৰ কথাই চিন্তা কৰিছিল সেই কথা বহু কেইবাৰ উল্লেখ কৰিছে। জীৱিত অৱস্থাতো চিনেমাখন আৰম্ভ কৰাৰ পূৰ্বৰে পৰা মৃত্যুৰ আগলৈকে জুবিনে 'ৰৈ ৰৈ বিনালে'ৰ কথা বহু কেইবাৰ উল্লেখ কৰিছিল।
জুবিনৰ মৃত্যুৰ পাছত এতিয়া গৰিমা শইকীয়া গাৰ্গে জুবিনৰ আধৰুৱা সপোন পূৰণ কৰাৰ বাবে সকলো কৰিবলৈ সাজু হৈছে। 'ৰৈ ৰৈ বিনালে' ছবিখনৰ সৈতে জড়িত সকলোৱেই জুবিনে বিচৰা মতেই ৩১ অক্টোবৰতে চিনেমাখনৰ আধৰুৱা কাম সম্পূৰ্ণ কৰি মুক্তি দিয়াৰ কথা উল্লেখ কৰিছে।
কিন্তু চিনেমাখন মুক্তি দিয়াৰ ক্ষেত্ৰত আধৰুৱা হৈ থকা জুবিনৰ ডাবিঙক লৈ দেখা দিছে কিছু সমস্যা। একাংশই এই সমস্যাৰ বিষয়ে অৱগত হৈ জুবিনৰ দৰে কণ্ঠৰ একাংশৰ জৰিয়তে সেই ডাবিঙৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ মত পোষণ কৰিছিল। চৰ্চালৈ আহিছিল মাধৱ নামৰ এজন কিশোৰৰ প্ৰসংগ।
কিন্তু এই সকলো জল্পনা-কল্পনাৰ আজি অন্ত পেলাইছে চিনেমাখনৰ পৰিচালক তথা জুবিনৰ দীৰ্ঘ সময়ৰ বন্ধু ৰাজেশ ভূঞাই। তেওঁ জনাইছে চিনেমাখনত ব্যৱহাৰ কৰা হ'ব জুবিনৰ অৰিজিনেল কণ্ঠ। আন কোনো ব্যক্তিৰ কণ্ঠ ইয়াত ব্যৱহাৰ কৰা নহ’ব।
তাৰোপৰি তেওঁ জনাইছে চিনেমাখনৰ যি কেইটা দৃশ্যত জুবিনৰ প্ৰকৃত কণ্ঠ ব্যৱহাৰ কৰাত অসুবিধা আছে সেই দৃশ্যাংশত প্ৰয়োজনত জুবিনৰ কণ্ঠৰ বাবে এ আইৰ সহায় লোৱা হ’ব।
উল্লেখ্য যে, 'ৰৈ ৰৈ বিনালে' ছবিখনত জুবিনৰ প্ৰকৃত কণ্ঠই ৰাখিবলৈ বহু অনুৰাগীয়ে দাবী কৰিছে। আনকি গৰিমা শইকীয়া গাৰ্গেও জুবিনে শ্বুটিঙৰ সময়ত জুবিনৰ যি কণ্ঠ বাণীবদ্ধ হৈছিল সেই কণ্ঠকেই ৰখাৰ সন্দৰ্ভত মন্তব্য কৰিছিল। আজি ৰাজেশ ভূঞায়ো সেই কথাকেই কোৱাত এই কথা স্পষ্ট হৈ পৰিল যে, 'ৰৈ ৰৈ বিনালে'ত দৰ্শকে জুবিনৰ প্ৰকৃত কণ্ঠৰ সংলাপেই শুনিবলৈ পাব।