সঁচা হোৱাৰ দিশে জুবিন সপোনঃ ৰৈ ৰৈ বিনালেৰ অভিলেখ

মুক্তিৰ পূৰ্বেই ধুমুহাৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ শেষ ছবি 'ৰৈ ৰৈ বিনালে'য়ে। ছবিখনৰ অগ্ৰীম টিকট মুকলি কৰাৰ লগে লগেই মুহুৰ্ততে শেষ হ'ল প্ৰায় সকলো টিকট। যাৰবাবে গুৱাহাটীত কেইবাটাও হ'লে পুৱা ৬ বজাৰ পৰাই আৰম্ভ কৰিছে দৰ্শনী।

author-image
ৰিম্পী গগৈ
New Update
sdfdf

ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই ধুমুহাৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ শেষ ছবি 'ৰৈ ৰৈ বিনালে'য়ে। ছবিখনৰ অগ্ৰীম টিকট মুকলি কৰাৰ লগে লগেই মুহুৰ্ততে শেষ হ'ল প্ৰায় সকলো টিকট। যাৰবাবে গুৱাহাটীত কেইবাটাও হ'লে পুৱা ৬ বজাৰ পৰাই আৰম্ভ কৰিছে দৰ্শনী।

এই 'ৰৈ ৰৈ বিনালে' ছবিখনৰ বাবে অসমৰ হ'লসমূহত বাতিল কৰা হৈছে বলিউডৰ কেইবাখনো ছবিৰ দৰ্শনী। গুৱাহাটীৰ চিনে পলিচত ৰখা হৈছে মুঠ ১৯ টা দৰ্শনী। সমান্তৰালভাৱে, পিভিআৰত ১৬টা দৰ্শনী, পল্টন বজাৰ গ্ৰেণ্ড চিনে ১০টা দৰ্শনী, আইনক্সত ১৬টা দৰ্শনী, বেলতলা মেট্ৰিক্সত ১২টা দৰ্শনী ৰখা হৈছে। 

WhatsApp Image 2025-10-25 at 12.37.56 PM
মুহুৰ্ততে শেষ হ'ল প্ৰায় সকলো টিকট

উল্লেখযোগ্য যে, যি সময়তে অসমীয়া গীত অথবা ছবিৰ ভৱিষ্যতলৈ নিশ্চয়তা নামি আহিছিল সেই সময়তে জাতিটোৰ প্ৰতি থকা ভালপোৱা উজাৰি দিছিল শিল্পী জুবিন গাৰ্গে। ৯০দশকত অসমীয়া গীতৰ শ্ৰোতা কমি আহিছিল, হিন্দী গীতৰ প্ৰভাৱে চানি ধৰিছিল। সেই সময়তে কেইটাও কালজয়ী গীতেৰে তেওঁ ঘূৰাই আনিছিল অসমীয়া গীতৰ প্ৰতি মানুহৰ আকৰ্ষণ।

ছবিৰ ক্ষেত্ৰতো একেই অবদান আছিল জুবিনৰ। বলিউডত যি সময়ত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল, সেই সময়তে অসমীয়া ছবিৰ জনপ্ৰিয়তা কমিবলৈ ধৰাৰ বাবে এৰি থৈ আহিছিল মুম্বাইৰ নাম-যশ। 'মিছন চাইনা', 'গানে কি আনে', 'কাঞ্চনজংঘা'ৰ দৰে ছবিৰে চেষ্টা কৰিছিল এই উদ্যগটো পুনৰ জীয়াই তোলাৰ। 

লাহে লাহে সফল হৈছিল জুবিন। অসমীয়া ছবি চাবলৈ অহা মানুহৰ সংখ্যা বহিছিল হ'লসমূহত। বহু বছৰৰ মূৰত 'মিছন চাইনা' চাবলৈ শাৰী পাতিছিল বহু মানুহে। জুবিনে প্ৰায়ে কৈছিল, মৃতপ্ৰায় উদ্যোগটো পুনৰ জীৱিত কৰি তোলাৰ সপোনটোৰ কথা। এতিয়া যেন জুবিনৰ সেই সপোনটো সঁচা হোৱাৰ দিশে আগুৱাইছে।

images

'ৰৈ ৰৈ বিনালে'ৰ বাবেই ৰাজ্যত হিন্দী ছবিৰ প্ৰদৰ্শনী বাতিল কৰি দিয়া হৈছে। প্ৰতিটো ঘণ্টাত শতাধিক লোকে বুকিং কৰিছে অগ্ৰীম টিকট। বুক মাই শ্বৰ নেচনেল ট্ৰেণ্ডিঙত আহিছে ছবিখন। প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে চোৱাৰ বাবে আশাৰে বাট চাইছে প্ৰতিজন জুবিনপ্ৰেমীয়ে। আনহাতে, ছবিখন দেশৰ লগতে বিদেশৰ ২০খন দেশত মুক্তি দিয়াৰ যো-জা চলাইছে প্ৰযোজকে। 

ৰৈ ৰৈ বিনালে জুবিন গাৰ্গ জুবিন