শুই যোৱা, ইভিনিং লগ পামঃ জুবিন গাৰ্গৰ এটা গানৰ কাম অচিৰেই আৰম্ভ কৰিব মানস ৰবীনে...

ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনটোতে জুবিন গাৰ্গৰ সোঁৱৰি পুৱাই শিল্পী মানস ৰবীনে সামাজিক মাধ্যমত লিখিছে এটা আৱেগিক পোষ্ট। জুবিন গাৰ্গক লৈ প্ৰস্তুত কৰিবলগীয়া এটা গান আজিৰ পৰাই আৰম্ভ কৰি দিও নেকি বুলি প্ৰশ্ন

author-image
Asomiya Pratidin
New Update
JONSSK

ডিজিটেল ডেস্কঃ ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনটোতে জুবিন গাৰ্গৰ সোঁৱৰি পুৱাই শিল্পী মানস ৰবীনে সামাজিক মাধ্যমত লিখিছে এটা আৱেগিক পোষ্ট। জুবিন গাৰ্গৰ এটা গান আজিৰ পৰাই আৰম্ভ কৰি দিও নেকি বুলি প্ৰশ্ন কৰি আৱেগিক হৈ পৰে মানস ৰবীন। তেওঁ লগতে প্ৰশ্ন কৰে- আজি আহি পালাহি ন !

ফেচবুকত মানস ৰবীনে লিখিছে এনেদৰে- 

আজি আহি পালাহি ন !
আজিৰ পৰা তোমাৰ গানটোৰ কাম আৰম্ভ কৰিদিওঁ নে কি কোৱা ?
তোমাৰ জন্মদিৰ দিনা সকলোতে বাজিব লাগিব নহয় !
কাক কাক গোৱাম ??
জুবলী, কলি , নিৰ্মালীবা , বৰ্ণালী ,সুবাসনা , প্ৰিয়ংকা , ভিতালীবাৰ ছোৱালী কমলীকা , অনুস্কা ……..
পিছে লৰা কাক মাতিম !!
তুমিটো আৰু নাগাওঁ বুলি কৈয়ে দিলা নহয় ,
সকলোকে মাতিদিম দিয়া ….
Kindly দুটা লাইন just গায়দিবা
Please ……
তুমিটো জানাই তোমাৰ মাতটো নহলে
মোৰ সৃষ্টি আধৰোৱা …
Sorry ৰাতিপুৱাই ব’ম কামোৰিলো
শুই যোৱা
Take Rest
Evening PVR ৰত লগ পাম 🙏
উল্লেখ কৰা প্ৰয়োজন যে, শিল্পী মানস ৰবীনে বিগত প্ৰায় ডেৰ মাহ ধৰি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি আহিছে। জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ হোৱাকৈ এছ আই টিক ভাষ্যও প্ৰদান কৰিছে মানস ৰবীনে। 
জুবিন গাৰ্গ মানস ৰবীন