/asomiyapratidin/media/media_files/2025/11/01/new-ap-web-3-3-2025-11-01-20-33-23.jpg)
ডিজিটেল ডেস্ক : ৩১ অক্টোবৰ ২০২৫- এই দিনটো অসম আৰু অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এটা ঐতিহাসিক দিন হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। অসমৰ লগতে দেশৰ কেইবাখনো মহানগৰত মুক্তিলাভ কৰিছে জুবিন গাৰ্গৰ অন্তিম চিনেমা ৰৈ ৰৈ বিনালে।
ৰৈ ৰৈ বিনালে এতিয়া যেন এখন চিনেমাই নহয়, ৰৈ ৰৈ বিনালে অসমবাসীৰ বাবে এক আৱেগৰ নাম। ৯০ বছৰীয়া অসমীয়া চিনেমা উদ্যোগৰ বেদীত ৰৈ ৰৈ বিনালে এতিয়া ভকতিৰ অৰ্ঘ্য। অসমীয়া চিনেমাৰ মহাযজ্ঞত জুবিন গাৰ্গৰ মন্ত্ৰোচ্চাৰণেৰ ধ্বনিৰে চৌদিশে ধ্বনিত হৈছে ৰৈ ৰৈ বিনালে।
৩১ অক্টোবৰ ২০২৫ত মুক্তি পোৱা এই ছবিখন অসমৰ ইতিহাসত বহুদিনলৈ কোনো চিনেমাই ভংগ কৰিব নোৱাৰা এক অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে। ট্ৰেইলাৰ ৰিলিজ দিয়াৰ পিছদিনাৰ পৰাই অগ্ৰিম টিকট মুকলি কৰি দিয়া হৈছিল। সেই দিনটোৰ পৰা মাত্ৰ দুটা দিনৰ ভিতৰত ৭লক্ষাধিক টিকট বিক্ৰী হৈছে চিনেমাখনৰ।
অসমৰ ৯৪টা ছবিগৃহত মুক্তি দিয়া হৈছে ৰৈ ৰৈ বিনালে। প্ৰতিদিনেই ৪৫৬টা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে চিনেমাখনৰ। গুৱাহাটীৰ ১৩টা ছবিগৃহত প্ৰতিদিনেই ১৫৭টাকৈ দৰ্শনী হৈছে। প্ৰতিটো দৰ্শনীয়েই হাইচফুল হৈছে।
কোনো কোনো হলত পুৱা ৪-৩০ বজাৰ পৰা পৰাই আৰম্ভ হৈছে প্ৰথম দৰ্শনী। ধেমাজি, লখিমপুৰ আদিত বোৱাৰী পুৱাতেই দৰ্শনী আৰম্ভ হৈছে।
তেনেদৰে বিজয় নগৰত ৬টা দৰ্শনী, ৰঙিয়াত প্ৰতিদিনে ৪টা দৰ্শনী, মঙলদৈত প্ৰতিদিনে ৫টা দৰ্শনী, ছয়গাঁৱত প্ৰতিদিনে ৫টাকৈ দৰ্শনী হৈছে চিনেমাখনৰ।
আনফালে নলাবাৰী প্ৰতিদিনে ৫টা দৰ্শনীৰ বিপৰীতে বঙাইগাঁৱৰ দুটা ছবিগৃহত প্ৰতিদিনে ৩০টাকৈ দৰ্শনী হৈছে। ডিব্ৰুগড়ত প্ৰতিদিনে ১২টা, তিনিচুকীয়াত প্ৰতিদিনে ১৬টা, যোৰহাটৰ দুটা ছবিঘৰত প্ৰতিদিনে ২১টা, গোলাঘাটত ৪টা আৰু নগাঁৱত প্ৰতিদিনে ৯টা দৰ্শনী অনুষ্ঠিত হৈছে।
আনহাতে তেজপুৰৰ ৪টা ছবিগৃহত প্ৰতিদিনে ৪২টা দৰ্শনী, লখিমপুৰতো ৪টা ছবিঘৰত দিনে ২০টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ডিফুত প্ৰতিদিনে ৪টা দৰ্শনী, হাফলঙত প্ৰতিদিনে ৪টা দৰ্শনী, শিলচৰত ৪টা, মাৰ্ঘেৰিটাত ৪টাকৈ দৰ্শনী প্ৰতিদিনে প্ৰদৰ্শিত হৈছে ৰৈ ৰৈ বিনালে।
অসমৰ বাহিৰতো ৰৈ ৰৈ বিনালে সগৰৌৱে চলি আছে। ইটানগৰৰ ৩টা ছবিগৃহত প্ৰতিদিনে ৯টা দৰ্শনী, নাহৰলগুণত দিনে ৩টা দৰ্শনী, বৃহত্তৰ মুম্বাইৰ ১০টা ছবিগৃহত প্ৰতিদিনে ১২টা দৰ্শনী, দিল্লী এন চি আৰৰ ১০টা ছবিগৃহত প্ৰতিদিনে ২৬টা দৰ্শনী প্ৰদৰ্শিত হৈছে ৰৈ ৰৈ বিনালেৰ।
ইয়াৰোপৰি বেংগালুৰু ১০টা ছবিগৃহত ২৩টা দৰ্শনী প্ৰতিদিনে, হায়দৰাবাদত দিনে ২টা দৰ্শনী, আহমেদাবাদত ১টা, পুণেত দিনে ৭টা, চেন্নাইত দিনে ২টা, কলকতাত দিনে ১২টা আৰু কোচিত প্ৰতিদিনে ১টাকৈ দৰ্শনী প্ৰদৰ্শিত হ'ব জুবিন গাৰ্গৰ অতিকৈ হেপাঁহৰ চিনেমাখন। বিহাৰ, জামছেদপুৰতো চলি আছে ৰৈ ৰৈ বিনালে। তাৰোপৰি অহা ১৫ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়া, আমেৰিকা, মালেছিয়া আদি বিদেশী ৰাষ্ট্ৰতো প্ৰদৰ্শিত হ’ব চিনেমাখন।
সংগীত- চিনেমাৰ নাথাকে কোনো সীমনা। ই অৱধাৰিত। বৈ গৈ থাকে এখন নদীৰ দৰে। যি এতিয়া প্ৰতিয়মান হৈছে ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us