প্ৰেৰণা চিনেমা হলত আবাল বৃদ্ধ বনিতাই চালে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে

বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত দ্বিতীয় দিনাও ৰৈ ৰৈ বিনালে চালে আবাল বৃদ্ধ বনিতাই ৷ প্ৰাণৰ শিল্পী গৰাকীৰ অন্তিমখন চলচ্চিত্ৰ চাই আবেগিক হৈ পৰিল সকলো

author-image
Asomiya Pratidin
New Update
105

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত দ্বিতীয় দিনাও ৰৈ ৰৈ বিনালে চালে আবাল বৃদ্ধ বনিতাই ৷ প্ৰাণৰ শিল্পী গৰাকীৰ অন্তিমখন চলচ্চিত্ৰ চাই আবেগিক হৈ পৰিল সকলো।

পুত্ৰৰ জৰিয়তে জুবিন গাৰ্গৰ লগত আত্মীয়তা গঢ়ি উঠা এগৰাকী আইতাও আহিল ৰৈ ৰৈ বিনালে চাবলে ৷ ইপিনে আজিৰ দিনটোত বিহপুৰীয়া আৰু নাৰায়ণপুৰৰ দুটাকৈ চিনেমা হ’লত সমাজকৰ্মী নাৰায়ণ ভূঞা ওৰফে ৰাম ভূঞাই বিহপুৰীয়া নাৰায়ণপুৰৰ এক হাজাৰ (১০০০) দৰিদ্ৰ লোকক বিনামূলীয়াকৈ চিনেমা খন চোৱাৰ সুযোগ প্ৰদান কৰে ৷

উল্লেখযোগ্য যে অহা ১০ নবেম্বৰলৈকে সকলো দৰ্শনী পূৰ্ণ হৈছে ।

ৰৈ ৰৈ বিনালে