আৰম্ভ হ’ল প্ৰহৰ গণনা : কেইটিমান ঘণ্টাৰ পাছতে আহি আছে ‘ৰৈ ৰৈ বিনালে’

৯০ বছৰীয়া অসমীয়া চিনেমা উদ্যোগৰ বেদীত ৰৈ ৰৈ বিনালে এতিয়া ভকতিৰ অৰ্ঘ্য। অসমীয়া চিনেমাৰ মহাযজ্ঞত জুবিন গাৰ্গৰ মন্ত্ৰোচ্চাৰণেৰ ধ্বনিৰে ধ্বনিত হ’ব ৰৈ ৰৈ বিনালে...

author-image
Asomiya Pratidin
New Update
92

ডিজিটেল ডেস্ক : যেন আকাশবাণীৰে নিগৰি আহিছে এখন চিঠিৰ খবৰ। চিঠিখনত মৰমৰ ৰাইজলৈ সম্বোধন কৰি নিজৰ চিনেমাখন চোৱাৰ বাবে অনুৰোধ জনাইছে ঈশ্বৰপুত্ৰই। 

এতিয়া সেই বিশেষ চিঠিখন বহু অনুৰাগী তথা গুণমুগ্ধৰ হাতত পৰিছেগৈ। ব্যতিক্ৰমী চিন্তাৰে জীৱন যাপন কৰা সেই ঈশ্বৰপুত্ৰই এইবাৰো ব্যতিক্ৰমী চিন্তাৰে নিজৰ সপোনৰ চিনেমাখনৰ প্ৰচাৰ কৰিছে। 

যেন এখন নিৰ্জীৱ চিঠিত লিখা আছে সজীৱ আখৰ। পোহৰৰ চিঁঞাহিৰে লিখা এখন চিঠি। চিঠিখনত লিখিছে - Roi Roi Binale মোৰ নতুন cinema চাবলে আহিবা।
"মৰম" 
জুবিন দা

জুবিন গাৰ্গৰ এই চিঠিখন সামাজিক মাধ্যমত ইতিমধ্যে ৰাজহুৱা কৰা হৈছে। আজি কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নহ’লেও এই চিঠিখনে পুনৰ সোঁৱৰাই দিছে- অসমীয়া চিনেমাক লৈ জুবিনে দেখা সপোন। 

আলফুলে বুকুত বান্ধি ৰখা জুবিন গাৰ্গৰ ১৭ বছৰীয়া সপোনে ৩১ অক্টোবৰ ২০২৫ৰ বোৱাৰী পুৱাই পাব বাস্তৱৰ ৰূপ। আৰম্ভ হৈছে প্ৰহৰ গণনা। 

ৰাজ্যজুৰি মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ কাহিনী আৰু সংগীতেৰে নিৰ্মিত তথা বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে। ইতিমধ্যে ৰৈ ৰৈ বিনালেক আদৰাৰ বাবে ছবিগৃহসমূহৰ প্ৰৱেশদ্বাৰ ফুলৰ মালাৰে সজাই তোলা হৈছে। 

বুকুৰ ধপধপনি বাঢ়িছে অনুৰাগীৰ। বহুকেইটা ছবিগৃহত পুৱা ৪-৪০/৫-০০ বজাৰ পৰাই আৰম্ভ হ’ব প্ৰথম দৰ্শনী। ৰৈ ৰৈ বিনালে এতিয়া যেন এখন চিনেমাই নহয়, ৰৈ ৰৈ বিনালে অসমবাসীৰ আৱেগ। ৯০ বছৰীয়া অসমীয়া চিনেমা উদ্যোগৰ বেদীত ৰৈ ৰৈ বিনালে এতিয়া ভকতিৰ অৰ্ঘ্য। অসমীয়া চিনেমাৰ মহাযজ্ঞত জুবিন গাৰ্গৰ মন্ত্ৰোচ্চাৰণেৰ ধ্বনিৰে ধ্বনিত হ’ব ৰৈ ৰৈ বিনালে...

জুবিন গাৰ্গ ৰৈ ৰৈ বিনালে