শ্বাহিদ আফ্ৰিদীৰ অভিলেখ ভংগ ৰোহিত শৰ্মাৰ

ৰোহিত শর্মাই ৪৩টা বলত অৰ্ধশতক অৰ্জন কৰে

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচীত এদিনীয়া দুৰ্দান্ত প্ৰদৰ্শন দেখুৱালে ভাৰতীয় দলৰ তাৰকা বেটছমেন ৰোহিত শৰ্মাই। ৰোহিত শর্মাই ৪৩টা বলত অৰ্ধশতক অৰ্জন কৰে। 

rohit-sharma-has-scored-398-runs-in-six-innings-at-this-world-cup

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিদীৰ অভিলেখ ভংগ কৰে ৰোহিত শৰ্মাই।  ইপিনে এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাই কোবাইছিল সৰ্বাধিক ছিক্স। ২৬৯ সংখ্যক এদিনীয়া ইনিংছত এই কৃতিত্ব অৰ্জন কৰে । 

images (3)

তাৰোপৰি, শ্বাহিদ আফ্ৰিদীয়ে ৩৬৯টা এদিনীয়া ইনিংছত ৩৫১টা ছিক্স সংগ্ৰহ কৰিছিল।ইপিনে এই তালিকাৰ তৃতীয় স্থানত আছে ক্ৰিছ গেইল।  ক্ৰিছ গেইলে ২৯৪টা এদিনীয়া ইনিংছত ৩৩১টা ছিক্সৰে অবিলেখ গঢ়িছিল। আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেটত ৰোহিত শর্মাই ২০৫টা ছিক্স কোবাইছিল। টী-২০ ক্ৰিকেটতো সৰ্বাধিক ছিক্স কোবাৱা বেটছমেন  হিচাপে পৰিগণিত ৰোহিত শর্মা। ইমানেই নহয়, ৰোহিত শৰ্মাই ১১৬টা টেষ্ট ইনিংছত ৮৮টা ছিক্স কোবাৱা এজন বেটছমেন । 

rohit-sharma-has-scored-398-runs-in-six-innings-at-this-world-cup

ৰোহিত শৰ্মা