/asomiyapratidin/media/media_files/2026/02/17/new-ap-w-2026-02-17-09-35-37.jpeg)
ডিজিটেল সংবাদ, ৰহাঃ ৰহা উন্নয়ন খণ্ডৰ কমাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুণগুৰি গাঁৱত শ্মশানৰ বাবদ আৱন্টন হোৱা ৩,৬০,০০০ টকা গোটে গোটে গিলিলে একাংশই। ২০২২ চনতে কমাৰগাঁও পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত আৱন্টন হৈছিল বৰুণগুৰি ৰাজহুৱা শ্মশানৰ বাউণ্ডেৰী ৱাল।
বাউণ্ডেৰী ৱাল নিৰ্মাণৰ বাবে আৱন্টন হৈছিল ৩,৬০,০০০ টকা। কাগজে কলমে সেই স্থানত সম্পূৰ্ণ হৈ উঠিছে ৱাল ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা GEOTEG ফটো সংলগ্ন কৰি উলিওৱা হ'ল আৱন্টিত ধনৰাশি কিন্তু আচৰিত কথা যে সেইস্থানত আজিলৈ বাউণ্ডেৰী ৱালৰ কোনো চিন মুকাম নাই। উল্লেখনীয় কথা এইটোহে যে য'ত বাউণ্ডেৰী ৱালৰ চিন মুকাম নাই সেই স্থানত কিদৰে ৱাল নিৰ্মাণ হোৱাৰ ফটো তুলি সম্পূৰ্ণ ধনৰাশি আত্মসাৎ কৰিলে।
পঞ্চায়তৰ সেই সময়ৰ সভাপতি, সচিব , কনিষ্ঠ অভিযন্তাৰ লগতে ৰহা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী জড়িত নাথাকিলে এনে দুৰ্নীতি সংঘটিত কৰাটো অসম্ভৱ। কোনো কাম নকৰাকৈ ভুৱা ফটো ব্যৱহাৰ কৰি শ্মশানৰ ধন আত্মসাৎ কৰা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us