ৰহাৰ ঐতিহাসিক মঠৰ থানত ছদিনীয়াকৈ দৌল মহোৎসৱৰ আয়োজন

ঐতিহ্যমণ্ডিত থান খনত ২ মাৰ্চৰ পৰা ছদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা ১২৩ সংখ্যক দৌল মহোৎসৱৰ আজি দ্বিতীয়টো দিন।  

author-image
Asomiya Pratidin
New Update
HSDSSASAK

ডিজিটেল সংবাদ, ৰহাঃ উদুলি মুদুলি হৈ পৰিছে ৰহাৰ মঠৰবড়ীৰ ঐতিহাসিক মঠৰ থান। ঐতিহ্যমণ্ডিত থান খনত ২ মাৰ্চৰ পৰা ছদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা ১২৩ সংখ্যক দৌল মহোৎসৱৰ আজি দ্বিতীয়টো দিন।  

দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি, ভাগৱত তথা সাংস্কৃতিক শোভাযাত্ৰা, অনুষ্ঠিত হয় ৷ ফাকুৱাৰ উল্লাস আনন্দৰ মাজতে স্মৰণ কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। অঞ্চলৰ কণ কণ শিশু সকলৰ দ্বাৰা মায়াবিনী গীত পৰিৱেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।

CaptureGHGGFDD

ছয়দিনীয়াকৈ আয়োজিত এই দৌলোৎসৱৰ প্ৰত্যেক দিনাই নাম প্ৰসংগ, ভাগৱত পাঠ, ধৰ্মালোচনী সভা, অংকীয়া ভাওনা, সামাজিক নাট, আদিৰ লগতে ৫ মাৰ্চত সন্ধিয়াৰ পৰা দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ উল্লেখযোগ্য যে, একাদশ শতিকাতে আবিস্কৃত এই ঐতিহাসিক মঠৰ থানত আছে বহু ঐতিহাসিক সমল তথা শিলামূৰ্তি, যিবোৰে থানখনৰ ঐতিহ্য বহন কৰি আহিছে ৷

ৰহা