কচুৱাত চাপৰমুখ-গৰুবাট মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সভাত অৰ্ধ শতাধিক লোকৰ বিজেপিত যোগদান

ৰহা সমষ্টিৰ কচুৱাৰ মাধৱপাৰা গাওঁ পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
vcvcvcvc

ডিজিটেল সংবাদ, কামপুৰঃ আজি ৰহা সমষ্টিৰ কচুৱাৰ মাধৱপাৰা গাওঁ পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিক ভাৱে যোগদান কৰে। চাপৰমুখ-গৰুবাট মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ নৱ নিযুক্ত সভাপতি জহুৰ আলিৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস।

Capturezxzxzxzxzx

এই সভাত চাপৰমুখ-গৰুবাট মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ নৱ নিযুক্ত সভাপতি জহুৰ আলীয়েও আনুষ্ঠানিক ভাৱে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। চাপৰমুখ গৰুবাট মণ্ডলৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থকা সভাখনত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ লগতে নগাঁও জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰ উদ্দিন আহমেদ, সম্পাদক ৰকি মতববৰ, চাপৰমুখ গৰুবাট মণ্ডলৰ বিজেপিৰ সভাপতি ভাস্কৰ দাস, সংখ্যালঘু মৰ্চাৰ প্ৰভাৰী বাহাৰুল ইছলাম, উদীয়মান যুৱ নেতা মতিউৰ ৰহমান, ওমৰ আলী, ৰমজান আলী, নুৰ উদ্দিন, যুগল বৰা, নাৰায়ণ ঘোষ, আব্দুল ৰহিম, জুৱেল আহমেদ,মুশ্বাহিদ হুছেইন,পঞ্চায়ত সভানেত্ৰী ক্ৰমে পাৰবিনা বেগম, ৰুণা লাইলা, চাপৰমুখ-গৰুবাট মণ্ডলৰ আৰু কচুৱা অঞ্চলৰ বহু জ্যেষ্ঠ বিজেপি দলৰ কৰ্মী উপস্থিত থাকে।

ৰহা