/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/Robert-Vadra-BMW.jpg)
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ বিৰুদ্ধে গুৰগাঁৱত অবৈধ ভূমি অধিগ্ৰহণক লৈ পুনৰ এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰত ৰৱাৰ্টৰ লগতে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাৰ নামো উল্লেখ আছে।
হাৰিয়ানাৰ নুহ অঞ্চলৰ সুৰিন্দৰ শৰ্মা নামৰ এজন লোকে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ ভনী জোৱায়েকগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এই এজাহাৰ। সুৰিন্দৰে এজাহাৰত ৰিয়েল ইষ্টেট কোম্পানী ডি এল এফ আৰু ওমকাৰেশ্বৰ প্ৰপাৰ্টিজৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে।
'ৰবাৰ্ট ভাদ্ৰাৰ কোম্পানী স্কাই লাইট হস্পিটেলিটে গুৰগাঁৱৰ ছেক্টৰ ৮৩ৰ বৃহৎ পৰিমাণৰ ভূমি ৭.৫ কোটি টকাত ক্ৰয় কৰি ৫৫ কোটিত বিক্ৰী কৰাৰ অভিযোগ তুলিছে এজাহাৰকাৰীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী হুডাৰ নামো এজাহাৰত আছে।'-এইদৰে কয় হাৰিয়ানাৰ এগৰাকী আৰক্ষী বিষয়াই।
ইফালে এই এজাহাৰৰ অভিযোগক ভিত্তিহীন আখ্যা দিছে ভাদ্ৰাই। মূল সমস্যাসমূহৰ পৰা আতৰাই নিবলৈ শাসনাধিষ্ঠিত বিজেপিয়ে এনেদৰে উদ্দেশ্যপ্ৰণোদিতভাৱে এজাহাৰ দাখিল কৰিছে বুলি প্ৰতি অভিযোগ কৰে ভাদ্ৰাই। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ভূমি অধিগ্ৰহণক লৈ ভাদ্ৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।