/asomiyapratidin/media/media_files/2025/12/05/1-2025-12-05-18-45-09.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ জিলাখনৰ অন্তৰ্গত চিনাপট্টিত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰৰ লগতে এটা চাৰিজনীয়া চোৰৰ দলক গ্ৰেপ্তাৰ কৰে৷ নগাঁও সদৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত চলা এক অভিযানত এই চুৰি সামগ্ৰী খিনি জব্দ কৰে।
উল্লেখ্য যে, নগাঁৱৰ চিনাপট্টিত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা চোৰ কেইটা ক্ৰমে আসীক আলী,বিশ্বজিত বিস্বাস,হাচেন আলি আৰু আজাৰুৰুল ইচলাম নগাঁৱৰ বিভিন্ন প্ৰান্তত বিগত বহুদিনৰ পৰা এই চোৰৰ দলটোৱে এচিৰ তামৰ তাঁৰৰ লগতে বিভিন্ন মূল্যবান সামগ্ৰী চুৰি কৰি আহিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us