মিৰ্জাৰ ভোলাগাঁৱত পথ নিৰ্মাণত বিসংগতি, দুৰ্নীতিৰ অভিযোগ

এই পথছোৱাৰ শুভ উদ্বোধন কৰিছিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। উদ্বোধনী অনুষ্ঠানত বিধায়কগৰাকীয়ে এই পথছোৱাৰ কাম গুণগত মানসম্পন্ন হ’ব বুলি দাবী কৰিছিল আৰু ঠিকাদাৰে দুৰ্নীতি কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ভাষণত উল্লেখ কৰিছিল।

author-image
Asomiya Pratidin
New Update
csfdfddfdfdfd

ডিজিটেল সংবাদ, মিৰ্জাঃ পশ্চিম গুৱাহাটী টেৰিটৰিয়েল ৰোড ডিভিজনৰ লোক নিৰ্মাণ বিভাগ (পি ডব্লিউ আৰ ডি)ৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণ কৰা ৰাণীৰ ভোলাগাঁও গাঁৱৰ পথৰ পৰা মিৰ্জা চানডুবি পথ সংলগ্ন ভোলাগাঁও তেল ডিপোৰ সন্মুখলৈকে নিৰ্মাণাধীন পথছোৱা এতিয়া অঞ্চলটোৰ ৰাইজৰ বাবে দুৰ্ভোগৰ কাৰণ হৈ পৰিছে।

উল্লেখযোগ্য যে, ২০২২-২৩ বৰ্ষৰ বাবে অনুমোদিত এই পথছোৱাৰ শুভ উদ্বোধন কৰিছিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। উদ্বোধনী অনুষ্ঠানত বিধায়কগৰাকীয়ে এই পথছোৱাৰ কাম গুণগত মানসম্পন্ন হ’ব বুলি দাবী কৰিছিল আৰু ঠিকাদাৰে দুৰ্নীতি কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ভাষণত উল্লেখ কৰিছিল। সেই সময়ত ভোলাগাঁওবাসীয়ে এক মসৃণ পথেৰে যাতায়াতৰ আশা কৰিছিল।

কিন্তু বাস্তৱত পথছোৱাৰ অৱস্থা সম্পূৰ্ণ বিপৰীত। পথছোৱা ভালদৰে নিৰ্মাণ নোহোৱাৰ ফলত ঠায়ে ঠায়ে জহি খহি গৈছে চাইড বাম, সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। এজাক বৰষুণ দিলেই পথছোৱাৰ বহু অংশত পানী জমা হয়। ইতিমধ্যে এই গাঁতত পৰি পথচাৰীৰ দুৰ্ঘটনাও সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

WhatsApp Image 2026-01-22 at 6.29.46 PM

উল্লেখযোগ্য যে, এই পথছোৱাৰ দৈৰ্ঘ্য ১.৩৫৫ কিলোমিটাৰ আৰু ইয়াৰ বাবে অনুমোদিত ধনৰাশি আছিল ১১৯.৪৭ লাখ টকা। এই কাম আৰম্ভ কৰা হৈছিল ০৮/০৫/২০২৩ তাৰিখত। ব্লক ইটাৰে নিৰ্মাণ কৰা এই পথছোৱাৰ ফলকত কাম আৰম্ভ কৰাৰ তাৰিখ উল্লেখ থাকিলেও আজিলৈকে কাম সমাপ্তিৰ কোনো নিৰ্দেশনা দেখা নাযায়।

অঞ্চলবাসীৰ অভিযোগ অনুসাৰি, এই পথছোৱাৰ কামত নিয়োজিত ঠিকাদাৰ তিলক চন্দ্ৰ দাসে নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম সংঘটিত কৰিছে। মাটি, শিল, বালি আদিৰ ব্যৱহাৰত গুণগত মান নৰখাৰ লগতে পথছোৱা পূৰ্বতকৈ সংকীৰ্ণ হৈ পৰিছে। ইফালে, পথ বহল কৰাৰ বাবে গাঁওবাসীয়ে ঠায়ে ঠায়ে ভূমিও এৰি দিছিল, কিন্তু তাৰ কোনো সদ্ব্যৱহাৰ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই অনিয়মৰ সন্দৰ্ভত যোৱা ১৩ জানুৱাৰীত প্ৰতিদিন ডিজিটেলত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতহে লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ গা লৰে বুলি ৰাইজে মন্তব্য কৰে। তাৰ পিছত ঠিকাদাৰে নিজৰ মহৰিৰ জৰিয়তে শ্ৰমিক লগাই জহি খহি যোৱা অংশত মাটি পেলাই মেৰামতি কৰাৰ চেষ্টা চলায়।

ৰাইজে অভিযোগ কৰা মতে, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ঠিকাদাৰ তিলক দাস দুয়োৰে ইমানৰ পাছতো কোনো খা-খবৰ নাই। যাৰবাবে পথছোৱাৰ কামৰ কমিচন লৈ তেওঁলোকে ঘৰত বহি থকাৰো গুৰুতৰ অভিযোগ উঠিছে। ইতিমধ্যে অঞ্চলবাসীয়ে মিৰ্জাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছিল যদিও তেতিয়ালৈকে কোনো দৃশ্যমান ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।

WhatsApp Image 2026-01-22 at 6.29.47 PM

পিছত কাৰ্যবাহী অভিযন্ত্ৰাৰ হেঁচাত ঠিকাদাৰগৰাকী পুনৰ কামত নামিবলৈ বাধ্য হয়। বৰ্তমান জহি খহি যোৱা চাইড বামত মাটি দিয়া, হাবি-জংঘল কটা, গাতবোৰ ভৰ্তি কৰা আদি কাম আৰম্ভ কৰা হৈছে যদিও এইবোৰ কেৱল লোকচক্ষু আতৰ কৰিবলৈ কৰা অস্থায়ী ব্যৱস্থা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ইফালে, ভোলাগাঁও অঞ্চলৰ আন কেইবাটাও নিৰ্মাণাধীন পথতো অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। প্ৰশ্ন উত্থাপন হৈছে—ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৰাস্তা-ঘাটৰ নিৰ্মাণ কাৰ্য এইদৰেই চলিব নেকি? এই সকলো অভিযোগৰ প্ৰতি লোক নিৰ্মাণ বিভাগ আৰু সংশ্লিষ্ট বিধায়কগৰাকীয়ে কেতিয়া গুৰুত্ব সহকাৰে দৃষ্টি দিব, সেইটো এতিয়া অঞ্চলবাসীৰ ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

মিৰ্জা