/asomiyapratidin/media/media_files/2025/10/02/new-ap-web-1-24-2025-10-02-08-56-00.jpg)
ডিজিটেল ডেস্কঃ ১ অক্টোবৰ, বুধবাৰে নিশা মহা নৱমীৰ আনন্দৰ মাজতে ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হয় পথ দুৰ্ঘটনা। যোৰহাট জিলাৰ টীয়ক, কাছাৰৰ ধলাই, গোলাঘাটৰ অকা আলি, কামৰূপৰ নগৰবেৰা আদিত সংঘটিত হোৱা পথ দুৰ্ঘটনাত আৰক্ষী বিষয়াকে ধৰি কেইবানো লোকে প্ৰাণ হেৰুৱাইছে।
কামৰূপ জিলাৰ নগৰবেৰাৰ কল্যাণপুৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হৈছে। জানিব পৰা মতে তীব্ৰ বেগী এখন মটৰ চাইকেলে ছমিৰণ নেছা নামৰ মহিলাগৰাকীক খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হয়। তেওঁ পথ কাষত থিয় হৈ থকাৰ সময়তে এগৰাকী ১৪ বছৰীয়া কিশোৰে মটৰ চাইকেলেৰে তেওঁক তীব্ৰ বেগেৰে খুন্দা মাৰে।
গোলাঘাটৰ অকা আলিত এখন তীব্ৰ বেগী কাৰ্ণিভেল বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় লানুমেনলা নামৰ এগৰাকী মহিলাৰ। গুৰুতৰভাৱে আহত হৈছে বাহনখনত থকা আন ৩ জন যাত্ৰী। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন যোৰহাটৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল।
কাছাৰৰ ধলাইত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে বাইক আৰোহী। এখন মটৰ চাইকেল আৰু এখন বলেৰ’ বাহনৰ মাজত হোৱা মুখামুকি খুন্দাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বাইক আৰোহী অন্নদা শংকৰ দাসৰ থিতাতে মৃত্যু হয়।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বলেৰ’ বাহনখনৰ চালকগৰাকীয়ে। ৩০৬ নং শিলচৰ- আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে স্থানীয় আৰক্ষীয়ে।
ইফালে টীয়কৰ জাঁজীমুখত সংঘটিত হোৱা পথ দুৰ্ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু হোৱাৰ লগতে উপ-পৰিদৰ্শক মৰমী নাথসহ আন ৫ গৰাকী আৰক্ষী জোৱান আহত হৈছে। নিশা জাঁজী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যিসমূহ মথাউৰিলৈ ভাবুকি নামি আহিছে সেইসমূহ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।