/asomiyapratidin/media/media_files/2025/09/02/ujjjd-2025-09-02-10-05-07.jpg)
ডিজিটেল ডেস্কঃবিগত পাঁচ বছৰত অসমত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। শেহতীয়াকৈএই সংখ্যা সদৰী কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০১৯ ৰ পৰা ২০২৩ চনৰ ভিতৰত উত্তৰ-পূবৰ ভিতৰতে সৰ্বাধিক ৩৬,৮০০ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে অসমত।
প্ৰতিবেদন অনুসৰি ২০১৯ চনত ৮৩৫০ টা, ২০২০ চনত ৬৫৯৫ টা, ২০২১ চনত ৭৪১১ টা, ২০২২ চনত ৭,০২৩ টা আৰু ২০২৩ চনত ৭৪২১ টা দুৰ্ঘটনা সংঘটিত হৈছিল। ত্ৰিপুৰা আৰু মণিপুৰত ক্ৰমে ৫৭৭ টা আৰু ৩৯৮ টা দুৰ্ঘটনাৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। ২০২২ চনৰ তুলনাত ২০২৩ চনত অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা।
একে সময়তে অসমত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। ২০১৯ চনত ৩২০৮ জন, ২০২০ চনত ২৬২৯ জন, ২০২১ চনত ৩০৩৬ জন, ২০২২ চনত ২৯৯৪ জন আৰু ২০২৩ চনত ৩২৯৬ জন লোকে প্ৰাণ হেৰুৱাইছে পথ দুৰ্ঘটনাত। লক্ষণীয়ভাৱে, উত্তৰ-পূবৰ ভিতৰত মিজোৰামত সৰ্বাধিক পথ দুৰ্ঘটনাৰ ভয়াৱহতা ৯০.৬, যিটো ৰাষ্ট্ৰীয় গড় ৩৬ তকৈ বহু বেছি।
বিহাৰৰ পিছতে আছে ঝাৰখণ্ড, ৮০.৬ আৰু ৭৮.৫। উত্তৰ-পূর্বাঞ্চলত ১৫ নম্বৰ স্থানত থকা অসমৰ ভয়াৱহতা ৪৪.৪৷ ২০২৩ চনত দেশত সংঘটিত মুঠ ৪,৮০,৫৮৩ টা দুৰ্ঘটনাৰ ভিতৰত ৩১.২% ৰাষ্ট্ৰীয় ঘাইপথত, ২২% ৰাজ্যিক ঘাইপথত আৰু ৪৬.৮% অন্য পথত সংঘটিত হৈছে। মৃত্যুৰ ৩৬.৫% ৰাষ্ট্ৰীয় ঘাইপথত, ২২.৮% ৰাজ্যিক ঘাইপথত আৰু ৪০.৭% অন্যান্য পথত সংঘটিত হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ মতে, এই পথ দুৰ্ঘটনাৰ মূল কাৰণ হৈছে অত্যধিক গতিবেগ। তথ্য অনুসৰি, মুঠ দুৰ্ঘটনাৰ ৬৮.১% লোকৰ মৃত্যুৰ বাবে দায়ী গতিবেগ। ইয়াৰ উপৰি ভুল পথেৰে গাড়ী চলোৱাৰ ফলত ৫.৫% লোকৰ মৃত্যুও হৈছিল। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, ‘এই তথ্যই আমাক সোঁৱৰাই দিয়ে যে পথ সুৰক্ষা উন্নত কৰাৰ বাবে বহুমুখী পদক্ষেপ লোৱাটো অতি গুৰুত্বপূৰ্ণ।
আমি এই চাৰিটা ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছো– শিক্ষা, অভিযান্ত্ৰিক, আইন প্ৰয়োগ আৰু জৰুৰীকালীন সেৱা।” তেওঁ লগতে কয় যে ইলেক্ট্ৰনিক বিশদ দুৰ্ঘটনা প্ৰতিবেদন (ই-ডিএআৰ) আৰু স্বয়ংক্ৰিয় বাহন পৰিদৰ্শন কেন্দ্ৰ আৰম্ভ কৰা হৈছে, যাৰ ফলত বাস্তৱ সময়ৰ তথ্য বিশ্লেষণ সম্ভৱ হ’ব।