/asomiyapratidin/media/media_files/2025/08/16/rathin-nurjery-2025-08-16-10-04-26.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ স্বাধীনতা দিৱসৰ দিনটোতে এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে ধেমাজি কোলাপথাৰৰ যুৱক ৰথিন নাৰ্জাৰীয়ে। জানিব পৰা মতে ধেমাজি কোলাপথাৰ কাংকান নগৰৰ ৰথিন নাৰ্জাৰী(৩১) নামৰ বিবাহিতা যুৱকজনে শুকুৰবাৰে বিয়লি প্ৰায় ২.২০ মান বজাত স্কুটাৰে জীয়াঢলৰ টেকজুৰি ফালৰ পৰা আহি থকা অৱস্থাতে মাডাৰ্ছ প্ৰাইড স্কুলৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱা এজোপা খুন্দা মাৰে।
ফলত অতি গুৰুতৰভাৱে আহত হয় নাৰ্জাৰী। এই ঘটনাৰ পিছতেই ততাতৈয়াকৈ অঞ্চলবাসীয়ে ১০৮ এম্বুলেঞ্চ সেৱাৰ সৈতে যোগাযোগ কৰে যদিও তেওঁলোকে সেই এম্বুলেঞ্চ সেৱা লাভ নকৰিলে। ফলত উপায়ন্তৰ হৈ ই-ৰিক্সাৰেই তেওঁক ধেমাজিৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয়।
কিন্তু আঘাত গুৰুতৰ হোৱাত তেওঁক ধেমাজি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইতিমধ্যে বহু পলন হৈ যোৱাত নাৰ্জাৰীক লৈ গৈ চিকিৎসালয়খনত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে ৰথিন নাৰ্জাৰী নামৰ এই যুৱকজনৰ পিতৃ-মাতৃয়ে প্ৰায় ২০ বছৰ মানৰ পূৰ্বেই নামনি অসমৰ পৰা আহি প্ৰথমে ভাড়াঘৰত থাকি পৰবৰ্তী সময়ত নিজে কোলাপথাৰ কাংকান নগৰতে একঠামান মাটি ক্ৰয় কৰি এটি চৰকাৰী গৃহ নিৰ্মাণ কৰি জীৱনযাপন কৰি আছিল৷ দুৰ্ভাগ্যজনকভাৱে যুৱকজনৰ পিতৃৰো আজি প্ৰায় চাৰি বছৰমান আগতেই মৃত্যু হয়৷
আনহাতেদি পিতৃৰ মৃত্যুৰ পিছতেই মাতৃও অতি দুখজনকভাৱে পেৰেলাইছিছ ৰোগত আক্ৰান্ত হৈ আছে। একমাত্ৰ পুত্ৰ ৰথিন নাৰ্জাৰীয়ে দিন হাজিৰা কৰি অসুখীয়া মাতৃ আৰু তেওঁৰ পত্নীৰ সৈতে ৪ আৰু ৬ বছৰীয়া দুই পুত্ৰ-কন্যাৰ সৈতে পৰিয়াল পোহপাল দি আছিল৷
কিন্তু হঠাতে এইদৰে দুৰ্ঘটনাই ৰথিনৰ প্ৰাণ কাঢ়ি নিয়াত এতিয়া পৰিয়ালটোলৈ অন্ধকাৰ নমাই আনিছে৷ এই ঘটনাই সমগ্ৰ কোলাপথাৰ অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে৷