পঞ্জীয়নবিহীন স্কুটীৰ খুন্দাত নিহত এজনঃ স্থানীয় স্কুটী আৰোহীক দিলে উত্তম-মাধ্যম...

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল ডেস্কঃ পুনৰ আন এক ভয়ংৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে। মৰিগাঁৱৰ বাচনঘাটত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত নিহত হোৱা ব্যক্তিজনৰ নাম ৰজনী ৰাজা।

এখন পঞ্জীয়নবিহীন স্কুটীৰে ৰজনী ৰাজা নামৰ লোকজনক খুন্দা মৰাৰ ফলতে তেওঁৰ মৃত্যু হয়। ইফালে এই ঘটনা সংঘটিত কৰাৰ পিছতে স্থানীয় লোকে স্কুটী আৰোহী দুজনক কৰায়ত্ত কৰি প্ৰহাৰ কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত দুয়োকে আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে নিহত ৰজনী ৰাজাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে পঞ্জীয়নবিহীন স্কুটীখন জব্দ কৰিছে।

morigaon road accident