/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/up-25.jpg)
ডিজিটেল ডেস্কঃ পুৱাই উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ বাৰাবাঁকীত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত বৰ্তমানলৈকে ৮ জন লোকে প্ৰাণ ত্যাগ কৰিছে। আনহাতে অতি সংকটজনক ভাৱে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ২০ জনকৈ আহত লোক। জানিব পৰা মতে পথৰ কাষত ৰখাই থোৱা এখন ডাবল ডেকাৰ (double-decker) পিছফালৰ পৰা তীব্ৰ গতিত অহা আন এখন ডাবল ডেকাৰ বাছত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীতে ৮ জন যাত্ৰীৰ মৃত্যু হয়।
#WATCH | Accident at Purvanchal expressway near Barabanki in UP leaves 6 persons dead & 18 injured after a speeding double-decker bus collided with a stationary one. 3, reported to be critical, referred to trauma centre in Lucknow. Buses were en route from Bihar to Delhi pic.twitter.com/RUELIchJh9
— ANI UP/Uttarakhand (@ANINewsUP) July 25, 2022
ঘটনাস্থলীত এ এছ পি মনোজ পাণ্ডেকে ধৰি আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰিছে। আহতসকলক চি এইচ চি হায়দৰগড়ত ভৰ্তি কৰোৱা হৈছে। একে সময়তে, গুৰুতৰভাৱে আহতসকলক লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে যোৱা মাহত, পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত আন এটা দুৰ্ঘটনা সংঘটিত ঘটিছিল। ১৫ জুনত চুলতানপুৰৰ দোষ্টপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত এখন গাড়ী-টেংকাৰৰ সংঘৰ্ষ হয়, যাৰ ফলত চাৰিজন লোক নিহত হয় আৰু আন দুজন আহত হয়। ইফালে আজিৰ এই দুৰ্ঘটনাৰ সন্দৰ্ভত টুইট কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আদিত্য নাথে দুখ প্ৰকাশ কৰিছে।
पूर्वांचल एक्सप्रेस-वे पर सड़क दुर्घटना में हुई जनहानि अत्यंत दुःखद है।
संबंधित अधिकारियों को राहत व बचाव कार्य तेजी से संचालित करने और घायलों के समुचित उपचार हेतु निर्देश दिए गए हैं।
प्रभु श्री राम दिवंगत आत्माओं को शांति तथा घायलों को शीघ्र स्वास्थ्य लाभ प्रदान करें।
— Yogi Adityanath (@myogiadityanath) July 25, 2022