গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

গোমোঠাগাঁৱৰ ডিভাইডাৰ পাৰ হ'ব লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা ।

author-image
Asomiya Pratidin
New Update
247
  • নগাঁৱৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • গোমোঠাগাঁৱৰ ডিভাইডাৰ পাৰ হ'ব লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো।
  • দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা ।
  • নিহত মহিলাগৰাকী চিনাক্ত হোৱা নাই যদিও মহিলাগৰাকীৰ ঘৰ বঢ়মপুৰৰ বৰবাৰীত বুলি জানিব পৰা গৈছে ।
  • নিহত মহিলাগৰাকীৰ লগতে সাতগৰাকী যাত্ৰী আহত হয়।
  • আহত যাত্ৰীসকলৰ মাজত বহুকেইগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী আছিল।
  • দুৰ্ঘটনাটোৰ ফলত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জটৰ সৃষ্টি হয়। 
  • বাঁহ কঢ়িওয়া বলেৰো পিক-আপ বাহন আৰু টেম্পৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে দুৰ্ঘটনাটো।
  • বলেৰ' বাহনৰ নম্বৰ AS07BC7652 আৰু টেম্পোখনৰ নম্বৰ AS02AC5332।
  • দুৰ্ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টাৰ পিছতহে যান-বাহন আৰক্ষী আহি উপস্থিত হয় ঘটনাস্থলীত।
নগাঁও