খেৰণিত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন, সংকটজনক আন এজন...

বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ মাটিখোলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে এজন নিহত হোৱাৰ বিপৰীতে আন এজন লোক গুৰুতৰভাবে আহত হয়।

author-image
Asomiya Pratidin
New Update
খেৰণিত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন, সংকটজনক আন এজন...

ডিজিটেল সংবাদ খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ মাটিখোলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে এজন নিহত হোৱাৰ বিপৰীতে আন এজন লোক গুৰুতৰভাবে আহত হয়।

নিহত হোৱা ব্যক্তিজনৰ নাম গেছেন মাৰাক আৰু আহত ব্যক্তিজনৰ নাম মহাদেৱ মাৰাক। দুয়োৱে মটৰ চাইকেলেৰে খেৰণিৰ পৰা মাটিখোলাৰ দিশে গৈ থকা অৱস্থাতে বালিভৰ্তি এখন ডাম্পাৰৰ পাছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ইতিমধ্যে মৃত ব্যক্তিজনৰ মৰুণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা কৰাৰ লগতে সংকটজনক অৱস্থাত থকা লোকজনক উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে চিকিৎসকে। দুৰ্ঘটনা সংঘটিত হোৱা ডাম্পাৰখনৰ নম্বৰ হৈছে RJ 32 GB 2727 আৰু বাইকখনৰ নম্বৰ হৈছে AS01 AX 2881।

পশ্চিম কাৰ্বি আংলং খেৰণি