কোৱামৰা-বৰাচুক গাঁৱৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

জামুগুৰিহাটৰ কোৱামৰা-বৰাচুক গাঁৱৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
280

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ কোৱামৰা-বৰাচুক গাঁৱৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা এখন ট্ৰাকত পিছফালৰ পৰা অহা অৰ্থাৎ তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা আন এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়।

গুৰুতৰভাৱে আহতসকলক ইতিমধ্যে স্থানীয় ৰাইজে ১০৮ৰ সহায়ত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ প্ৰেৰণ কৰিছে। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক দুখনৰ এখনৰ নম্বৰ হ'ল PB-06-09257 ।

ঘটনাস্থলীত ইতিমধ্যে জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ৰাষ্ট্ৰীয় ঘাইপথ