ঈদৰ উল্লাহৰ মাজতে শিলচৰত ভয়ংকৰ দুৰ্ঘটনাঃ কথমপি প্ৰাণ ৰক্ষা এজনৰ

ঈদৰ উল্লাহৰ মাজতে শিলচৰত ভয়ংকৰ দুৰ্ঘটনাঃ কথমপি প্ৰাণ ৰক্ষা এজনৰ

author-image
Asomiya Pratidin
New Update
ঈদৰ উল্লাহৰ মাজতে শিলচৰত ভয়ংকৰ দুৰ্ঘটনাঃ কথমপি প্ৰাণ ৰক্ষা এজনৰ

ডিজিটেল সংবাদ, শিলচৰঃ সোমবাৰে ঈদৰ উৎসৱৰ মাজতে শিলচৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনা আজি দিনৰ প্ৰায় ১১:৩০ বজাত সোণাবাৰীঘাট বাইপাছত সংঘটিত হয়।

Advertisment

ৰামনগৰ দিশৰ পৰা গৈ থকা এখন আই টেন বাহনত বিপৰীত দিশৰ পৰা দ্ৰুত গতিত অহা আন এখন বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত আই টেন বাহনখন ভাঙি চুৰমাৰ হৈ পৰে। চাৰি চকীয়া বাহনখনত একমাত্ৰ চালক জনেই আছিল। ফলত কোনো লোকক হতাহত হোৱা নাই। বাহনখনৰ‌ চালক ছানাই মিঞা চৌধুৰী গুৰুতৰভাৱে আহত হয়। আহত হোৱা চালকজনৰ ৰামনগৰৰ ৬ষ্ঠ খণ্ডৰ বাসিন্দা ।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰা বাহনন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। ঘটনাৰ পিচত স্থানীয় লোকে আহত চালকজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ প্ৰেৰণ কৰে।

Also Read: দুৰ্ঘটনাগ্ৰস্ত কাঞ্জনজংঘাত অসমৰ যাত্ৰী আছিল নে? কি ক’লে অসমৰ মুখ্যমন্ত্ৰীয়ে...

road accident eid