/asomiyapratidin/media/media_files/2025/08/17/whatsapp-image-2025-08-17-19-29-31.jpeg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰৰ ডিমৌৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে বিয়লি পুনৰ সংঘটিত হ'ল এক ভয়ানক পথ দুৰ্ঘটনা। এএছ-২২জে-০৮৮৯ নম্বৰৰ এখন এমটি বাইক আৰু এআৰ০১-ইউ-৫৯৯৮ নম্বৰৰ এখন বলেৰ' মুখামুখি সংঘৰ্ষত নিহত হ'ল এজন যুৱক।
নিহত বাইক আৰোহীজনৰ নাম বিবেক লিম্বু (১৮) বুলি জানিব পৰা গৈছে। আনহাতে, গুৰুত্বৰভাৱে আহত হৈছে সহযাত্ৰী কুলৰাজ গৌতম (১৯)। দুয়োৰে ঘৰ চিলাপথাৰৰ চিলাসুতিৰ দালা চাৰিআলিত। বৰ্তমান চিকিৎসায়ত মৃত্যুৰ হৈয়ে যুঁজি আছে আহত কুলৰাজ গৌতমে। উল্লেখযোগ্য যে, দূৰ্ঘটনাগ্ৰস্ত ব'লেৰ গাড়ীখন পাচিঘাটৰ পৰা ইটানগৰৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে।
ইপিনে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাইজে এখন বাহনত আঘাতপ্ৰাপ্ত বাইক আৰোহীদ্বয়ক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছিল যদিও বাহনখনে আধাবাটতে দুয়োকে এৰি থৈ যায়। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।