ছিপাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

ছিপাঝাৰৰ ন আলিত শুকুৰবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়।  

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল সংবাদ, ছিপাঝাৰঃ ছিপাঝাৰৰ ন আলিত শুকুৰবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়।  

Advertisment

 ২ নং চেঙাপাৰাৰ আব্দুল গফুৰ (৬০) নামৰ লোকজনে বিয়লি এৰাল দিয়া ছাগলী আনিবলৈ যাওঁতে ওচৰৰে এটা ইটাভাটাৰ পৰা ওলাই অহা এএছ-০১এছচি-০৭২৬ নম্বৰৰ ১৬ চকীয়া ট্ৰাকখনে তেওঁক মহতিয়াই নিয়ে। ফলত আব্দুল গফুৰ নামৰ লোকজনৰ থিতাতে মৃত্যু হয়।  

ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ট্ৰাকখন জব্দ কৰাৰ লগতে সুৰামত্ত অৱস্থাত থকা চালকজনক আটক কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়কত ঘটনাস্থলীত ছিপাঝাৰ সমজিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে, উত্তেজিত ৰাইজে ন আলিত ট্ৰাক -ডাম্পাৰৰ দৌৰাত্ম্য বন্ধ কৰাৰ লগতে দুৰ্ঘটনাত নিহত লোকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰন দিয়াৰ দাবী উত্থাপন কৰিছে।

ছিপাঝাৰ