
ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত বাইক আৰোহী।
আনহাতে আহত হৈছে আন এজন লোক।
️দুই বাইকৰ মাজত মুখা-মুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।
ৰৌতাৰ ভালুকমাৰীৰ জংঘল গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
ওৰাং দিশৰ পৰা আহি থকা AS-12F-5147 নম্বৰৰ বাইকৰ লগত বিপৰীত দিশৰ পৰা অহা আন এখন বাইকৰ মাজত সংঘৰ্ষ হয় ।
ফলত বাইক আৰোহী দুজন ৰাস্তাৰ মাজতে চিটিকী পৰে ।
পিছত স্থানীয় লোকে বাইক আৰোহী দুজনক ততাতৈয়াকৈ ১০৮ এম্বুলেন্সৰে ৰৌতা মডেল হাস্পতাললৈ প্ৰেৰণ কৰে।
হাস্পতালখনৰ পৰা AS-12F-5147 নম্বৰৰ বাইক আৰোহীজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
দুৰ্ভাগ্যজনক ভাৱে চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।
নিহত ব্যক্তিজন ৰৌতাৰ আমিনপাৰাৰ মগজল হুছেইন(৫০) বুলি জানিব পৰা গৈছে।
আনহাতে আহত আনগৰাকী লোকৰ পৰিচয় এতিয়ালৈ উদ্ধাৰ হোৱা নাই ।