/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/j-09.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ ২০১৪ চনৰ পৰা নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰীৰ ভূমিকা পালন কৰি অহা নাগালেণ্ডৰ পূৰ্বৰ ৰাজ্যপাল আৰ এন ৰবিয়ে আজি তেওঁৰ পদৰ পদত্যাগ কৰিছে । যোৱা ৯ ছেপ্টেম্বৰত আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাবে নাগালেণ্ডৰ পৰা বদলি কৰা হৈছিল ।
আজি ৰবিয়ে প্ৰেৰণ কৰা পদত্যাগ পত্ৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয় ৰবিৰ কৰিছে । উল্লেখযোগ্য যে এন এছ চি এন মুৰব্বী থুইংগালেং মুইভাৰ সৈতে মতবিৰোধ হোৱাত মুইভাই ২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি ৰবিক মধ্যস্ততাকাৰী পদৰ আঁতৰাবলৈ আহবান জনাইছিল ।
মুইভাৰ পত্ৰৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে কেন্দ্ৰীয় গৃহী সচিব জৰিয়তে আৰ এন ৰবিৰ ঠাইত পূৰ্বৰ চোৰাংচোৱা বিভাগৰ অতিৰিক্ত সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰক আলোচনা আগবঢ়াই নিবলৈ কৰ্তত্ব প্ৰদান কৰে । ইয়াৰ পিছতে যোৱা ২০ ছেপ্টেম্বৰত ডিমাপুৰত উপস্থিত হৈ এ কে মিশ্ৰই থুইংগালেং মুইভাৰ সৈতে স্তব্ধ হৈ পৰা শান্তি আলোচনা কৰাৰ পিছতে আজি এনেদৰে আৰ এন ৰবিয়ে নিজৰ মধ্যস্ততাকাৰী পদৰ পৰা পদত্যাগ কৰে ।