/asomiyapratidin/media/media_files/2025/09/17/d2bb4c3a-d43d-4d33-bf85-3cd41b776111-2025-09-17-16-12-25.jpg)
ডিজিটেল ডেস্কঃ এগৰাকী মানৱ দৰদী চিকিৎসকৰ দেহাৱসান। নাম তেওঁৰ ডা০ ৰাজেন্দ্ৰ নাথ পাঠক। জন্মাষ্টমীৰ দিনটোত অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হোৱা চিকিৎসকগৰাকীৰ মৃত্যু হয় বিশ্বকৰ্মা পূজাৰ দিনটোত। তেওঁৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজগড়স্থিত ঘৰত ভিৰ কৰে সকলোৱে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/17/b035be83-9e0a-4505-8f52-e2e094c044df-2025-09-17-16-02-51.jpg)
অসংখ্য গুণমুদ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন হয় নৱগ্ৰহ শশ্মানত। পৰিয়াল তথা বহু সংখ্যক গুণমুগ্ধৰ লগতে উপস্থিত থাকে উত্তৰ-পূব গ্ৰন্থ মেলাৰ প্ৰতিষ্ঠাপক তথা সাহিত্যিক নবীন বৰুৱা, সাংসদ অজিত কুমাৰ ভূঞা লগতে তেওঁক অতি ওচৰৰ পৰা পোৱা বিশিষ্ট সংবাদিক প্ৰকাশ মহন্ত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/17/eca4303a-f626-4fd1-9434-70b773816308-2025-09-17-16-03-04.jpg)
ডা০ ৰাজেন্দ্ৰ নাথ পাঠকৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই নামঘোষাৰ প্ৰথমটো ঘোষা ‘মুক্তিত নিস্পৃহ যিটো’ৰ উদ্ধৃতি দি কয় যে, যি মানুহে লোভ-মোহৰ ওপৰত গৈ কেৱল মানুহৰ কল্যাণৰ বাবে কাম কৰে তেওঁক ভগৱানেও সেৱা কৰে। মানুহৰ বাবে নিস্বাৰ্থভাৱে তথা কল্যাণৰ বাবে একাণপতীয়াকৈ কাম কৰা তেনে এজন মানুহেই আছিল ডাঃ ৰাজেন্দ্ৰ নাথ পাঠক। আজি মই তেওঁক হেৰুৱাই মৰ্মাহত হৈছো। লোভ-মোহ এই সকলোবোৰৰ ওপৰলৈ গৈ তেওঁ কৰা কামবোৰে তেওঁৰ যি ব্যক্তিত্ব গঢ়ি তুলিছিল, তাক কোনেও স্পৰ্শ কৰিব নোৱাৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/17/cbe5ce3a-d7e9-40f2-ba9b-dbb1777d2b5c-2025-09-17-16-03-15.jpg)
ইফালে পৰিয়ালৰ এগৰাকী আত্মীয়ক হেৰুৱাই আৱেগিক হৈ পৰে বিশিষ্ট অভিনেতা কপিল বৰাও। অজিত কুমাৰ ভূঞাই তেখেতৰ সৈতে কটোৱা সময় আৰু সান্নিধ্যৰ কথা সোঁৱৰণ কৰে। প্ৰয়াত চিকিতসকগৰাকীয়ে ডিব্ৰুগড়ত এমবিবিএছ পাঠ্যক্ৰম গ্ৰহণ কৰি তাতেই তেওঁ চাকৰি জীৱন আৰম্ভ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/17/b742f76e-36d9-44c1-8939-2735dcc71461-2025-09-17-16-03-54.jpg)
১৯৬৬ চনত তেওঁ চিকিৎসা বিজ্ঞানত স্নাতোকত্তৰ ডিগ্ৰী লাভ কৰিলে। তাৰ পাছত তেওঁ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজতে সহকাৰী অধ্যাপকৰূপে যোগ দিলে। ১৯৮১ চনত তেওঁ এই পদত আহি যোগ দিলেহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। গুৱাহাটীত থাকোতেই তেওঁৰ পদোন্নতি হ'ল অধ্যাপকৰূপে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/17/2baa6ccf-05d6-4034-8636-21989241ac95-2025-09-17-16-03-31.jpg)
তাৰ মাজতে ছমাহৰ বাবে গৈছিল শিলচৰ মেডিকেল কলেজলৈ। পুনৰ ঘূৰি আহিল গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰাই তেওঁ মেডিচিন বিভাগৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰিছিল। ১৯৫৯ চনতে তেওঁ লৈছিল এমবিবিএছ ডিগ্ৰী। তেতিয়া অসম মেডিকেল কলেজেহে আছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হোৱাই নাছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছিল অসম মেডিকেল কলেজ। কমলপুৰৰ আঠগাঁৱৰ বৰ্খাত জন্ম হৈছিল তেওঁ।
উল্লেখ্য যে, প্ৰয়াত ডাঃ আৰ এন পাঠকৰ মুখাগ্নি কৰে তেওঁৰ বৰ পুত্ৰই। তেওঁৰ দুগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে নাতি-নাতিনী এৰি থৈ গৈছে এই সংসাৰত। তেওঁৰ এগৰাকী পুত্ৰ থাকে আমেৰিকাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us