/asomiyapratidin/media/media_files/2026/02/13/whatsap-2026-02-13-17-34-08.jpeg)
ডিজিটেল ডেস্কঃ ঘোষণা হ'ল ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম। IPL 2026ৰ পূৰ্বে ৰাজস্থান ৰয়েলছ দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিব ৰিয়ান পৰাগে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/whatsapp-image-2026-02-13-17-34-39.jpeg)
২০২৬ৰ বাবে হোৱা আইপিএলৰ মিনি নিলামৰ পূৰ্বে সঞ্জু ছেমছনে ট্ৰেড উইনড’ৰ জৰিয়তে চিএছকেত যোগদান কৰিছিল। চিএছকেই ইয়াৰ সলনি ৰবীন্দ্ৰ জাদেজা আৰু ছেম কৰনৰ দৰে দুজন অলৰাউণ্ডাৰক ৰাজস্থান ৰয়েলছক দিছিল।ৰাজস্থান ৰয়েলছৰ নেতৃত্ব IPLৰ ইতিহাসত প্ৰথমবাৰলৈ এগৰাকী অসমীয়া খেলুৱৈ হ’ব পূর্ণকালীন অধিনায়ক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/whatsapp-i-2026-02-13-17-35-10.jpeg)
উল্লেখযোগ্য যে, ২০১৯ চনৰ পৰা আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলি আহিছে ৰিয়ান পৰাগে । বৰ্তমানলৈকে ৰিয়ান পৰাগে ৮৪ খন মেচৰ পৰা ১৪১.৮৪ ষ্ট্ৰাইক ৰেটেৰে ১,৫৬৬ ৰান সংগ্ৰহ কৰিছে । ইয়াৰে ভিতৰত আছে ৭টা অৰ্ধশতক । আনহাতে, প্ৰতিযোগিতাখনৰ ইতিহাসত ৭টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে পৰাগে । লগতে তেওঁ ১৪৪.১৩ ষ্ট্ৰাইক ৰেটেৰে ৩,১৬৮ টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰিছে । এই ৰাণ সংগ্ৰহত পৰাগৰ আছে ২৩টা অৰ্ধশতক । ২০২৫ চনত সঞ্জু ছেমছন আঘাতপ্ৰাপ্ত হোৱাৰ সময়ত পৰাগে আঠখন মেচত আৰ আৰক নেতৃত্ব দিছিল । ঘৰুৱা ক্ৰিকেটতো তেওঁ অসমক অধিনায়কত্ব কৰি আহিছে আৰু এই অভিজ্ঞতা আই পি এলত অল ৰাউণ্ডাৰগৰাকীৰ বাবে কামত অহাৰ সম্ভাৱনা আছে । ঘৰুৱা ক্ৰকেটত ৰিয়ান পৰাগ অসমৰ নিয়মীয়া খেলুৱৈ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us