/asomiyapratidin/media/media_files/2025/11/06/139-2025-11-06-11-31-05.jpg)
ডিজিটেল ডেস্ক : সমুখত এদিনীয়া আন্তৰ্জাতিক শৃংখলা। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টীম ইণ্ডিয়াই খেলিব এদিনীয়া আন্তৰ্জাতিক শৃংখলা। কিন্তু তাৰ আগেয়ে দক্ষিণ আফ্ৰিকা ‘এ’ দলৰ বিৰুদ্ধে খেলিব ইণ্ডিয়া ‘এ’ দলে।
ইণ্ডিয়া ‘এ’ দলক নেতৃত্ব দিব মুম্বাই ইণ্ডিয়ানছৰ নিৰ্ভৰযোগ্য খেলুৱৈ তথা ভাৰতীয় দলৰ উদীয়মাণ বেটছমেন তিলক বাৰ্মাই। ইতিমধ্যে দক্ষিণ আফ্ৰিকা ‘এ’ দলৰ বিপক্ষে খেলিব লগা দলটো ঘোষণা কৰিছে নিৰ্বাচক মণ্ডলীয়ে।
তিলক বাৰ্মা নেতৃত্বাধীন দলটোত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। ইণ্ডিয়া ‘এ’ক ৰিয়ানৰ উপৰিও ঈশান কিষাণ, অৰ্শদীপ সিং আদিৰ দৰে খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিব।
নিৰ্বাচক মণ্ডলীয়ে ঘোষণা কৰা দলটো হৈছে- তিলক বাৰ্মা (অধিনায়ক), ৰুতুৰাজ গাইকোৱাড়, অভিষেক শৰ্মা, ৰিয়ান পৰাগ, ঈশান কিষাণ, আয়ুস বাদ’নি, নিশান্ত সিন্ধু, বিপৰাজ নিগম, মানৱ সুথাৰ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ আৰু প্ৰভিছমৰণ সিং।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us