/asomiyapratidin/media/media_files/2025/12/27/533-2025-12-27-12-05-25.jpg)
ডিজিটেল সংবাদ, গহপুৰ : গহপুৰ সমজিলাৰ অন্তৰ্গত হাৱাজান খাৰৈগুৰিৰৰ মেধাৱী ছাত্র ঋতুপৰ্ণ শইকীয়াই সন্মানীয় ডক্টৰেট ডিগ্ৰী(PhD) লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে কৃতিত্বৰ অধিকাৰী হৈছে। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কেমিকেল চাইন্স বিভাগৰ অধ্যাপক ডঃ ৰবিন কুমাৰ দত্তৰ তত্বাৱধানত "Resource-Oriented Sanitation Of Human And Cattle Urine" শীৰ্ষক বিষয়ত কৰা গৱেষণাৰ বাবে ঋতুপৰ্ণ শইকীয়াই লাভ কৰে এই ডক্টৰেট উপাধি।
সৰুৰে পৰাই অধ্যয়নৰ প্ৰতি ৰাপ থকা মেধা সম্পন্ন ঋতুপৰ্ণ শইকীয়াই হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষা, লখিমপুৰৰ জিনিয়াছ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা, তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিভাগত স্নাতক শিক্ষা আৰু ছিলঙৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ পৰা ৰসায়ন বিভাগত সফলতাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।ইয়াৰ পিছত তেওঁ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত "Resource-Oriented Sanitation Of Human And Cattle Urine" শীৰ্ষক বিষয়ত গৱেষণা কৰি লাভ কৰে সন্মানীয় ডক্টৰেট উপাধি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2025-12-27-12-07-01.jpeg)
একানপতীয়া প্ৰচেষ্টা, কঠোৰ অধ্যৱসায়ৰ জৰিয়তে শৈক্ষিক সংগ্ৰাম অব্যাহত ৰাখি সঠিক লক্ষ্য স্থানত উপনিত হ'বলৈ সক্ষম হোৱা ঋতুপৰ্ণ শইকীয়াৰ এই আশাপ্ৰদ সাফল্যৰ বাবে অঞ্চলবাসীয়ে তেওঁক আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছে।ঋতুপৰ্ণ শইকীয়া খাৰৈগুৰি নিবাসী মোলান শইকীয়া আৰু ৰীনা শইকীয়াৰ সুযোগ্য পুত্ৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us