/asomiyapratidin/media/media_files/2025/11/24/ujjdd-2025-11-24-10-33-48.jpg)
ডিজিটেল ডেস্কঃ কাৰ্যালয়ৰ কোঠাতে আত্মহত্যা কৰা যুৱতী সাংবাদিক ৰিতুমণি ৰয়ক লৈ নানান তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। পৰিয়াল তথা পিতৃয়ে সংবাদিকৰ আগত ৰিতুয়ে বিয়াৰ বাবে নিজেই দৰা পচন্দ কৰিছিল বুলি সদৰি কৰিছিল যদিও কাৰ্যালয়ৰ সহকৰ্মীসকলৰ মাজত ইয়াৰ ওলোটা কথাহে কৈছিল তেওঁ।
কাৰ্যালয়ৰ সহকৰ্মীৰ সৈতে বিয়াক লৈ চলা আলোচনাৰ সময়ত ৰিতুয়ে বহু দিনৰ আগতেই তেওঁৰ বাবে ঘৰৰ পৰা ল'ৰা ঠিক কৰি থোৱাৰ কথা কৈছিল। এই কথা বৰ্তমান কাম কৰি থকা সংবাদ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে সদৰি কৰিছে সংবাদমাধ্যমক।
ইয়াৰ বিপৰীতে ৰিতুৰ পিতৃয়ে সাংবাদিককৰ আগত সদৰি কৰা অনুসৰি, বিয়াৰ বাবে নিজেই দৰা চাইছিল ৰিতুয়ে। ল'ৰাটোক লৈ পিতৃয়ে সন্মতি দিয়াৰ কথাহে উল্লেখ কৰিছে সাংবাদিকৰ আগত। পিতৃয়ে কয় যে, বিয়াৰ বাবে ঘৰৰ পৰা কোনো হেঁচা নাছিল। তাই নিজেই ঠিক কৰিছিল দৰা। আমি মাত্ৰ সন্মতি জনাই বিয়াহে ঠিক কৰিছিলো।
আনহাতে ৰিতুৰ জ্যেষ্ঠ ভগ্নীয়েও দোষাৰোপ কৰিছে পিতৃক। তেওঁ পিতৃক 'কেৱল টকা লাগে তোক' জাতীয় শব্দ ব্যৱহাৰ কৰি গালি দিয়াৰ দৃশ্যও কেমেৰাত বন্দী হৈছে। এনেবোৰ পৰিস্থিতিয়ে এতিয়া অধিক ৰহস্যঘন কৰিছে এই ঘটনাটোক। আৰক্ষীয়েও প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us