মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সচিব প্ৰধানৰ পদত ৰিতুল বৰুৱা...

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ একাদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত সংগঠনটোৰ সচিব প্ৰধান পদত অধিষ্ঠিত হোৱা গহপুৰৰ সৰবৰহী যুৱক ৰিতুল বৰুৱাক সোমবাৰে আনুষ্ঠানিকভাবে অভিনন্দন জ্ঞাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
506

ডিজিটেল সংবাদ, গহপুৰ : মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ একাদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত সংগঠনটোৰ সচিব প্ৰধান পদত অধিষ্ঠিত হোৱা গহপুৰৰ সৰবৰহী যুৱক ৰিতুল বৰুৱাক সোমবাৰে আনুষ্ঠানিকভাবে অভিনন্দন জ্ঞাপন কৰা হয়।গহপুৰৰ অন্যতম সামাজিক অনুষ্ঠান "অনামী সামাজিক গ্ৰুপ"এ এই অভিনন্দন জ্ঞাপন কৰে ৰিতুল বৰুৱাক।

জীৱনৰ সুদীৰ্ঘ দিন মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ নিষ্ঠাৰে সেৱা আগবঢ়াই অহা ৰিতুল বৰুৱা সচিব প্ৰধান পদত অধিষ্ঠিত হোৱাৰ খবৰে অনামী সামাজিক গ্ৰুপক আনন্দিত কৰি তুলিছে। সেই উপলক্ষে আজি বিয়লি ৪ বজাৰ পৰা নিমিষা কিটচেনৰ সভাগৃহত শিক্ষাবিদ বিমল ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অভিনন্দন সভাখনত সচিব প্ৰধান ৰিতুল বৰুৱাক ফুলাম গামোচা, চেলেং,জাপিৰে অভিনন্দন জ্ঞাপন কৰা হয়।

WhatsApp Image 2025-12-22 at 7.16.13 PM

তদুপৰি অনামী গ্ৰুপৰ অন্যতম প্ৰতিনিধি জগদীশ শৰ্মা, যাদৱ চলিহা,ৰমেন বৰা,নন্দ শৰ্মা, নিতুল বৰা,ৰাজীৱ শইকীয়া, মঞ্জু শইকীয়া, কুইন শইকীয়া, ৰুবী বৰা,বিভা মুদৈ,আগমনি সেনগুপ্ত,বিমল ভূঞা, মৃদুল শৰ্মা ভৰালী, জিতেন মহানন্দ,দীপ শৰ্মা আৰু পলাশ ফুকনৰ স্বাক্ষৰ সম্বলিত এখন অভিনন্দন পত্ৰ সচিব প্ৰধান ৰিতুল বৰুৱাক প্ৰদান কৰা হয়।অভিনন্দন পত্ৰখনৰ জৰিয়তে ৰিতুল বৰুৱাই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ জৰিয়তে কৰি অহা কৰ্মৰাজিক শলাগ লোৱা হয়।

নন্দ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা আৰু জিতেন মহানন্দে আঁত ধৰা অভিনন্দন সভাখনত স্বেচ্ছাসেৱী সংগঠন চাওচেঙেও ৰিতুল বৰুৱাক ফুলাম গামোচা আৰু চেলেং চাদৰৰে অভিনন্দন জ্ঞাপন কৰে। চাওচেঙেৰ হৈ মিতালী হাজৰিকা মুছাহাৰী,লীনা শইকীয়া বৰা,মিতালী হাজৰিকা,নিমিষা কোঁৱৰ, মিতালী কোঁৱৰ আৰু কৰৱী হাজৰিকাই ৰিতুল বৰুৱাক অভিনন্দন জ্ঞাপন কৰে।

অভিনন্দন গ্ৰহণ কৰি ৰিতুল বৰুৱাই সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত তেওঁ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মঞ্চৰ পৰা নিষ্ঠা আৰু সততাৰে কাৰ্য্য পৰিচালনা কৰি যোৱাৰ অংগীকাৰ কৰে।

গহপুৰ