তাৰ গাত জ্বৰ আছিল, সি মোক সাৱটি ধৰোতে কঁপিছিলঃ জুবিনক লৈ SITত সাক্ষ্য দান ৰীতা চৌধুৰীৰ...

অসুস্থ জুবিনক ছিংগাপুৰলৈ যাবলৈ দিব নালাগিছিল’। ‘মই গম পোৱাহেঁতেন জুবিনক নাযাবলৈ অনুৰোধ কৰিলোহেঁতেন-  এছ আই টিক সাক্ষ্য প্ৰদান কৰি আহি সংবাদিকৰ সন্মুখত এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক ড০ ৰীতা

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ অসুস্থ জুবিনক ছিংগাপুৰলৈ যাবলৈ দিব নালাগিছিল’। ‘মই গম পোৱাহেঁতেন জুবিনক নাযাবলৈ অনুৰোধ কৰিলোহেঁতেন-  এছ আই টিক সাক্ষ্য প্ৰদান কৰি আহি সংবাদিকৰ সন্মুখত এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীয়ে। তেওঁ কয় যে, মোৰ ওচৰলৈ যাওতেই তেওঁৰ স্বাস্থ্য বৰ বেছি ঠিক নাছিল।  তাৰ গাত জ্বৰ আছিল ৷ সি মোক সাৱতি ধৰোঁতে কঁপিছিল ৷”

সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াক লৈ বিশিষ্ট সাংবাদিকদগৰাকীয়ে লগতে কয় যে,. হিমন্ত বিশ্ব শৰ্মা এজন পৰিপক্ক ৰাজনীতিক। কি ভাল, কি বেয়া তেওঁ ভালকৈ জানিব।  মই জুবিন ক্ষেত্ৰৰ SOPৰ দিশটো বিবেচনা কৰিবলৈ আহ্বান জনাইছিলো’। উল্লেখ কৰা প্ৰয়োজন যে, এছ আই টিক সাক্ষ্য প্ৰদানৰ বাবে মঙলাবাৰে দুপৰীয়া প্ৰায় ১১বজাত উপস্থিত হৈছিল ৰীতা চৌধুৰী।

প্ৰায় ডেৰ ঘন্টা সময়ৰ পাছত সাক্ষ্যদান কৰি ওলাই আহিছিল বিশিষ্ট সাহিত্যিকগৰাকী। 

জুবিন গাৰ্গ