/asomiyapratidin/media/media_files/2025/10/28/ujjjdd-2025-10-28-11-18-25.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰো সাক্ষ্য গ্ৰহণ কৰিব এছ আই টিয়ে। যোৱা সোমবাৰে ফোনযোগেৰে এছ আই টিয়ে তলব কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীক। তাৰ পিছতে মঙলবাৰে দিনৰ প্ৰায় ১১বজাত চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় বিশিষ্ট সাহিত্যিকগৰাকী।
বিশিষ্ট সাহিত্যিকগৰাকীৰ পৰা এছ আই টিয়ে সাক্ষ্য গ্ৰহণৰ আঁৰত আছে কিছু কাৰণ। ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে এঘন্টাৰো অধিক সময় জুবিন গাৰ্গৰ সৈতে এটা সাক্ষাতকাৰত বহিছিল ৰীতা চৌধুৰী। জীৱনত কোনোদিনে নোকোৱা বহু কথাৰ লগতে উক্ত সাক্ষাতকাৰটোত এগৰাকী নতুন জুবিনক বিচাৰি পাইছিল দৰ্শকে।
জুবিন মৃত্যু হোৱাৰ পাছতে সম্প্ৰচাৰিত হোৱা এই সাক্ষাতকাৰটোক লৈ যথেষ্ট চৰ্চা হৈছিল। অন্তঃদৃষ্টি সম্পন্ন জুবিনৰ কথা-বতৰাবোৰে সকলোৰে মন-মগজু চুই গৈছিল। জুবিনৰ মৃত্যুৰ পাছতে ৰীতা চৌধুৰীয়েও সংবাদমাধ্যমৰ আগত সদৰি কৰিছিল যে জুবিন স্বাস্থ্য তেওঁৰ ওচৰলৈ আহোতেই যথেষ্ট বেয়া আছিল।
নিজৰ স্বাস্থ্যৰ অৱনতিৰ কথা সদৰি কৰিছিল বুলিও ৰীতা চৌধুৰীয়ে প্ৰকাশ কৰিছিল। উক্ত দিনটোত সাক্ষাতকাৰৰ উপৰিও অফ কেমেৰা জীৱনৰ বিষয়ে বহু কথা পাতিছিল ৰীতা চৌধুৰী আৰু জুবিন গাৰ্গে। এই সকলোবোৰ কথা জানিবলৈকে এছ আই টিয়ে সাক্ষ্য গ্ৰহণ কৰিব ৰীতা চৌধুৰীৰ।
জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ তদন্তত এই কথাবোৰে যথেষ্ট সহায় কৰিব বুলি গণ্য কৰিয়েই এছ আই টিয়ে মাতি পঠাইছে ৰীতা চৌধুৰীক। অৱশ্যে চি আই ডিৰ কাৰ্যালয়ত সোমোৱাৰ পূৰ্বে কোনো কথা ৰাজহুৱা কৰা নাই সাহিত্যিক গৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us