জুবিন গাৰ্গৰ সপোন বাস্তৱায়িতৰ বাবে ব্যৱহাৰ হ'ব মোৰ খাৰঘূলিস্থিত বাসগৃহটোঃ  ড° ৰীতা চৌধুৰী

সকলোৰে জ্ঞাতাৰ্থে জনালোঁ যে গুৱাহাটীৰ খাৰঘূলিত থকা মোৰ ঘৰটো আজিৰ পৰা ‘আধাৰশিলা ট্ৰাষ্ট’ৰ লগতে জুবিন গাৰ্গে মোৰ হাতত দি যোৱা সকলো দায়িত্বৰ বাবেহে ব্যৱহাৰ কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-23 at 8.29.58 AM

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীয়ে দিছে এটা বিশেষ পোষ্ট। পোষ্টটোত ড° চৌধুৰীয়ে লিখিছে
যে- “সকলোৰে জ্ঞাতাৰ্থে জনালোঁ যে গুৱাহাটীৰ খাৰঘূলিত থকা মোৰ ঘৰটো আজিৰ পৰা ‘আধাৰশিলা ট্ৰাষ্ট’ৰ লগতে জুবিন গাৰ্গে মোৰ হাতত দি যোৱা সকলো দায়িত্বৰ বাবেহে ব্যৱহাৰ কৰা হ’ব। ইয়াত আজিৰ পৰা কোনো ৰাজনৈতিক কাম-কাজ নচলে। দিছপুৰ মিনিষ্টাৰ কল’নীৰ চৰকাৰী বাসগৃহত ৰাজনীতিৰ সৈতে জড়িত সকলো কাম আৰু দেখা-সাক্ষাৎ আদি সমাপন হ’ব।”

WhatsApp Image 2026-02-23 at 8.20.02 AM

উল্লেখ্য যে, জুবিন গাৰ্গৰ এটা সাক্ষাৎকাৰ জুবিনৰ মৃত্যুৰ পাছতেই ব্যাপকভাৱে চৰ্চিত হৈছিল।লগতে সাহিত্যিকগৰাকীৰ অনুৰাগীসকলে তেওঁৰ সিদ্ধান্তক আদৰণি জনোৱা পৰিলক্ষিত হৈছে।

বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰী