২০০ বছৰৰো অধিক ভাৰতক শাসন আৰু শোষণ কৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ'ল ভাৰতীয় বংশোদ্ভৱ ঋষি ছোনাক...

rishi sunak
rishi sunak

ডিজিটেল ডেস্কঃ ২০০ বছৰৰো অধিক কাল ভাৰতক শাসন আৰু শোষণ কৰিছিল বৃটিছে। সুদীৰ্ঘ সময়ৰ সংগ্ৰামৰ অন্তত ভাৰতৰ পৰা বৃটিছৰ শাসন উফৰাই ভাৰতীয়ই ১৯৪৭ ৰ ১৫ আগষ্টত স্বাধীনতা অৰ্জন কৰাৰ লগতে সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।

বৃটিছৰ অধীনৰ পৰা ভাৰত মুক্ত হোৱাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে। এই ৭৫ বছৰৰ পূৰ্বে হয়তো বৃটেইনবাসীয়ে কল্পনাও কৰা নাছিল এদিন কোনো এজন ভাৰতীয়ই তেওঁলোকক শাসন কৰিব ! বৃটেইনৰ কথা বাদেই, কোনো ভাৰতীয়ই এই কথা কল্পনা কৰা নাছিল।

কিন্তু দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ পিছত কল্পনীৰো অতীত সেই ঘটনাই ঘটিল। বেলি বেলি নপৰা দেশৰ প্ৰধানমন্ত্ৰী হ'ল এগৰাকী ভাৰতীয় বংশোদ্ভৱ। ২০০ বছৰৰো অধিক যি জাতিক বৃটিছে শাসন আৰু শোষণ কৰিলে, সেই জাতিৰ বংশোদ্ভৱেই এতিয়া শাসন কৰিব বৃটিছক।

এয়াও এক গৌৰৱৰ ক্ষণ। ঋষি ছোনাকে বৃটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে সৰ্বাধিক সংখ্যক ভোট লাভ কৰিছে। তেওঁৰ প্ৰতদ্বন্দি পেনি মৰ্ডণ্ট পিছ পৰি থকাত তেওঁ প্ৰধানমন্ত্ৰীত্বৰ দৌৰৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে।

মাত্ৰ ৪৫ দিন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ পিছতে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি লিজ ট্ৰাছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে বেলি নুডুবা দেশখনৰ প্ৰধানমন্ত্ৰী কোন হ'ব তাকে লৈ ব্যাপক চৰ্চা চলিছিল।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী পদৰ বাবে পুনৰ চৰ্চালৈ আহিছিল ঋষি ছোনাক। সোমবাৰে ঋষিয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা পুনৰ ঘোষণা কৰে আৰু তেওঁ মঙ্গলবাৰে সৰ্বাধিক সাংসদৰ ভোট লাভ কৰাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাট মুকলি হ'ল। প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰাকক্ষণত তেওঁ ব্ৰিটেইনবাসীক দেশখনৰ অৰ্থনীতি সৱল কৰাৰ কথা ঘোষণা কৰিলে।

উল্লেখ্য যে বিগত মাহত সম্পন্ন হৈ যোৱা নিৰ্বাচনত লিজ ট্ৰাছে মুঠ ৫৭.৪ শতাংশ ভোট লাভেৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। সেই নিৰ্বাচনত ঋষি ছোনাকে লাভ কৰিছিল ৪২.৬ শতাংশ ভোট।

উল্লেখ্য যে ঋষি ছোনাকৰ ককাদেউতাকৰ ঘৰ আছিল পঞ্জাৱত। পঞ্জাৱৰ পৰা প্ৰথমে দক্ষিণ আফ্ৰিকা আৰু তাৰ পিছত ১৯৬০ চনত ব্ৰিটেইনত উপস্থিত হৈছিল ছোনাকৰ ককাদেউতা। ব্ৰিটেইনৰ ষ্টেণ্ডফৰ্ডৰ পৰা মেনেজমেণ্টৰ স্নাতক ডিগ্ৰী গ্ৰহণকাৰী ঋষি ছোনাক দেশখনৰ ৰিচমণ্ডৰ সাংসদ।

বিত্ত আৰু বিজনেছ মেনেজমেণ্টত অতি পাৰদৰ্শী ঋষি ছোনাকে ২০১৫ ৰ পৰা সাংসদ হৈ আছে। এই সময়ছোৱাত তেওঁ ব্ৰিটেইনৰ বিত্ত বিভাগৰ উপৰিও আন বহু গুৰুত্বপূৰ্ণ বিভাগৰ সৈতে জড়িত হৈ পৰিছে।

এইগৰাকী ঋষি ছোনাক পত্নী অক্ষতা মূৰ্তি। অক্ষতা মূৰ্তি আকৌ প্ৰখ্যাত ভাৰতীয় উদ্যোগপতি নাৰায়ণ মূৰ্তিৰ কন্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in