/asomiyapratidin/media/media_files/2024/12/16/6LheTpPswYWFBd7z6i52.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ অনাময় খণ্ডত শৌচাগাৰ চাফাই কৰা সামগ্ৰীৰ ব্যৱহাৰ নাটকীয়ভাৱে বৃদ্ধি পাইছে। ২০১৪ চনত ১৯% পৰিয়ালৰ পৰা ২০২৪ চনত ৫৩%লৈ বৃদ্ধি পাইছে ঘৰুৱা শৌচাগাৰ পৰিষ্কাৰকৰ ব্যৱহাৰ ।
স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা ইন্ধন যোগোৱা এই বৃদ্ধিয়ে ১২.৮ কোটিতকৈ অধিক নতুন পৰিয়ালক সামৰিছে । এই অভিযানৰ সফলতাৰ লগতে বিপণন প্ৰচেষ্টাই বিশেষকৈ গ্ৰাম্য অঞ্চলত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সজাগতা আৰু সামগ্ৰীৰ প্ৰৱেশৰ যথেষ্ট উন্নতি সাধন কৰিছে।
এটা দশক পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাৰ সময়ৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছিল ঘৰুৱা শৌচাগাৰ পৰিষ্কাৰকৰ ব্যৱহাৰ । বৰ্তমানে ভাৰতৰ আধাতকৈ অধিক পৰিয়ালে শৌচাগাৰ পৰিষ্কাৰক ব্যৱহাৰ কৰে । চৰকাৰৰ উদ্যোগত নিৰ্মাণ কৰা বিনামূলীয়া শৌচালয় সমূহেও এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
তথ্য অনুসৰি ২০২৪ চনত ৫৩% পৰিয়ালে শৌচাগাৰ পৰিষ্কাৰক ব্যৱহাৰ কৰিছে আৰু ২২% পৰিয়ালে মজিয়া চাফাই পৰিস্কাৰক ব্যৱহাৰ কৰিছে।
২০১৪ চনত আৰম্ভ হোৱাৰে পৰা স্বচ্ছ ভাৰত অভিযানে ৫ লাখৰো অধিক গাঁৱক মুকলিকৈ শৌচালয় কৰা প্ৰথাৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হৈছিল । অক্ষয় কুমাৰ অভিনীত টয়লেট: এক প্ৰেম কথা (২০১৭) নামৰ চিনেমাখনেও গ্ৰাম্য অঞ্চলত শৌচাগাৰৰ প্ৰয়োজনীয়তাক সুন্দৰভাৱে প্ৰদৰ্শন কৰিছিল । যাৰ ফলত দেশৰ বহু অঞ্চলত শৌচালায় নিৰ্মাণৰ বাবে সাধাৰণ লোক অনুপ্ৰাণিত হৈছিল ।